অসম

হাতত ঝাড়ু লৈ সমষ্টিত চাফাই অভিযানত নামিল বিধায়ক অখিল গগৈ

সংবাদদাতা, শিৱসাগৰ:- ঐতিহাসিক শিৱসাগৰ চহৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে যাতে স্বীকৃতি লাভ কৰে সেই লক্ষ্য আগত ৰাখি কেতবোৰ নতুন কাৰ্যসূচী হাতত লৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। জিলা প্ৰশাসন আৰু পৌৰসভাৰ সহযোগত লৈছে দীৰ্ঘম্যাদী আঁচনি। ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে সমগ্ৰ শিৱসাগৰ নগৰখনক সুন্দৰ, স্বচ্ছ, পৰিচ্ছন্ন কৰি তুলিবলৈ আজিৰে পৰা ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ নামেৰে এমহীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। শুকুৰবাৰে পুৱা ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ কাৰ্যসূচী শুভাৰম্ভ কৰে বিধায়ক অখিল গগৈয়ে। হাতত ঝাড়ু লৈ নিজেই চাফাই অভিযানত নামিল বিধায়কগৰাকী। মাহ জুৰি চাফাই অভিযান চলাব বুলি সদৰি কৰিছে বিধায়কগৰাকীয়ে।

চাফাই অভিযানত পৌৰকৰ্মীৰ লগতে ৰাইজৰ দলৰ কৰ্মীয়েও অংশগ্ৰহণ কৰে।উল্লেখ‍্য যে ছশ বছৰীয়া গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ প্ৰাণকেন্দ্ৰ, এসময়ৰ ৰাজধানী আৰু সকলো ঐতিহ্যৰ সমাহাৰেৰে মহীয়ান পুৰণি ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰ নগৰৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ত যি ৰূপত উন্নয়ন আৰু বিকাশ হ’ব লাগিছিল সি বর্তমান পর্য্যন্ত হৈ উঠা নাই।বাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আধুনিক ভাৰতবৰ্ষৰ বহুতো পুৰণি ঐতিহাসিক চহৰক পৰিকল্পিতভাৱে সুন্দৰ ৰূপত গঢ়ি তুলি পৰ্য্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাবে গঢ়ি তুলিছে যদিও শিৱসাগৰে সেই সুবিধা কণ আজি পৰ্যন্ত লাভ কৰা নাই। বর্তমানে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰ নগৰৰ বিশ্ব ঐতিহ্যক্ষেত্র হিচাবে স্বীকৃতি প্রদান কৰোৱাৰ ক্ষেত্ৰত এক দীর্ঘমাদী উদ্যোগ হাতত লৈছে।

তাৰ বাবে প্রথম পদক্ষেপ হিচাবে সমগ্ৰ শিৱসাগৰ নগৰখনক এখন সুন্দৰ পৰিচ্ছন্ন চহৰ হিচাবে গঢ়ি তুলিবলৈ ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ নামেৰে এমহীয়া কৰ্মসুচী ঘোষণা কৰিছে।এই কর্মসুচী অনুসৰি পৌৰসভা এলেকাৰ সকলো নলা-নর্দমা, জাবৰ পেলোৱা ঠাই, বাট-পথৰ দাঁতিৰ অপৰিষ্কাৰ হৈ থকা ঠাইসমূহ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা প্ৰয়াস কৰিছে। শিৱসাগৰ জিলা প্রশাসন আৰু শিৱসাগৰ পৌৰসভাৰ সহযোগিতাত এই কাৰ্য্যসুচী সফল ৰূপায়ণৰ বাবে আগবঢ়াৰ ক্ষেত্ৰত নগৰ এলেকা, সকলো বাসিন্দা আৰু দল সংগঠন তথা অনুষ্ঠান প্রতিষ্ঠানৰ পূৰ্ণ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। লগতে শিৱসাগৰীয়া ৰাইজে সহযোগিতা আগবঢ়াই শিৱসাগৰ নগৰক এখন সুন্দৰ নগৰ হিচাবে গঢ়ি তোলিব বুলি আশা প্ৰকাশ কৰিছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button