অসম

হাতীগড়ত আন্তৰ্জাতিক নাৰী দিৱস পালন

সংবাদদাতা, বাহনা:- আজি যোৰহাটৰ ২৮ নং মেলেং বালিচাপৰী গাঁও পঞ্চায়ত আৰু মূলাগাভৰু গ্ৰাম্য সংগঠনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পঞ্চায়ত খনৰ সভাগৃহত অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জিতেন শৰ্মাৰ সমাপতিত্বত অনুষ্ঠিত নাৰী দিৱসৰ মুকলি সভাত হাতীগড় মোজাৰ দুগৰাকী আদৰ্শ পৰিয়ালৰ মহিলাক নিৰুপমা বৰুৱা আৰু বিণা হাজৰিকাক “আদৰ্শ মাতৃৰ“ সম্মান প্ৰদান কৰে। পঞ্চায়তটোৰ সভাপতি দুৰ্লভ চেতিয়া আৰু চিপাহীখোলা খণ্ড উন্নয়ন বিষয়া নিলোৎপলাক্ষী বৰাই দুয়োগৰাকীলৈ আদৰ্শ মাতৃৰ বঁটা আগবঢ়ায়। উল্লেখ্য যে নিৰুপমা বৰুৱা যোৰহাটৰ মনিষা বেকাৰী পৰিয়ালৰ মাতৃ আৰু বিণা হাজৰিকা হৈছে সাহিত্যিক তথা সদৌ অসম কৰ্মচাৰী পৰিষদ প্ৰাক্তন সভাপতি স্বৰ্গীয় তীৰ্থ হাজৰিকাৰ পত্নী, বৰ্তমানে ২৬জন সদস্যৰে সহিতে (একেতা চৰুতে) যৌথভাৱে বাস কৰি আছে। অন্যহাতে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে আজিৰ দিনটোৰ পঞ্চায়তৰ বিশেষ গাঁও সভা আৰু আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য বহলাই কয়। এইবাৰ নাৰী দিৱসৰ বিষয় “আজিৰ লিংগ সমতা সুস্থিৰ বৈসম্যৰ বাহক“ হিচাপে চৰকাৰে জনোৱা নিদ্দেশ ৰ বিষয়ে বিশদভাৱে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে আলোচনা আগবঢ়াই। গ্ৰাম্য সংগঠনটোৰ খণ্ড চুপাৰ ভাইজাৰ আহবেদা বৰবৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত যোৰহাটৰ মহিলা শক্তি কেন্দ্ৰৰ সম্বন্বয়ক পায়েল বৰ বৰাই, নাৰী দিৱসৰ তাৎপৰ্য, শিশু সুৰক্ষাৰ আইন আৰু নাৰী সকলৰ সামাজিক, ৰাজনৈতিক আৰু বাল্য বিবাহ, প্ৰতিৰোধ সম্পৰ্কীয় বিষয়ে বহলাই কয়। পূৱ যোৰহাট প্ৰেছ ক্লাৱৰ সম্পাদক বিকাশ সন্দিকৈ আৰু সমাজকৰ্মী জগন্নাথ অগ্নিবৰাই নাৰী দিৱসৰ ওপৰত সুন্দৰ বক্তব্য আগবঢ়াই। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ ডাক্তৰ নিলোৎফা হাছান উপস্থিত থাকি নাৰী দিৱসৰ লগতে নাৰী সকলৰ সামাজিক ময্যদা আৰু স্বাস্থ্যৰ যতন সম্পৰ্কত ভাষণ প্ৰদান কৰে। গোটসমূহৰ খণ্ড চুপাৰ ভাইজাৰ ৰীতা কাটনিয়া পঞ্চায়তৰ সচীৱ অনন্যা হাজৰিকা, ৰুমী নেওগ উপস্থিত থকা সভাখন পৰিচালনা কৰে ক্ৰমে বগী দত্ত আৰু ৰীমা গগৈয়ে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button