অসম

হাবিবৰঙাবাৰী শাখা কবি সন্মিলনৰ “বাৰিষাৰ আবেলি কবিতাৰ সেউজ মেল” অনুষ্ঠান সম্পন্ন

সংবাদদাতা, ভূৰবন্ধা:- সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত মৰিগাঁও জিলা কবি সন্মিলনৰ অন্যতম সক্ৰিয় শাখা হাবিবৰঙাবাৰী শাখা কবি সন্মিলনৰ উদ্যোগত ‘বাৰিষাৰ আবেলি কবিতাৰ সেউজ মেল’ শীৰ্ষক অনুষ্ঠান ৩০ জুলাই তাৰিখে প্ৰফুল্ল ৰাজখোৱা স্মাৰক মঞ্চ, হাবিবৰঙাবাৰী প্ৰাংগণত অনুষ্ঠিত হয়। হাবিবৰঙাবাৰী শাখা কবি সন্মিলনৰ সভাপতি অনিল কুমাৰ ভূঞাৰ

সঞ্চালনত ক’ভিড প্ৰট’কল মানি আয়োজন কৰা উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু মংগলাচৰণ কৰে কাব্য প্ৰাণ, আধ্যাত্মিক সচেতক জগন্নাথ নাথে। ’মমতাৰ চিঠি’ আৰু ‘সতীৰ্থ’ শীৰ্ষক কবিতা দুটি আবৃত্তি কৰি শিশু আবৃত্তি কাৰ দ্বয় খ্যাতি ৰাজখোৱা, হৃদয় প্ৰকাশ নাথে উপস্থিত সকলক আকৰ্ষিত কৰে। আধুনিক অসমীয়া কবিতা আৰু কবিতাৰ কালিকা বিষয়ত মনজ্ঞ আলোচনা

আগবঢ়াই বিশিষ্ট গল্পকাৰ, কবি ডঃ অৰূপ কুমাৰ নাথে। আধুনিক অসমীয়া কবিতাৰ জনক স্বৰূপ প্ৰাতঃস্মৰণীয় বৰেণ্য কবি সকলৰ কবিতাৰ শৈলী, বিষয় বস্তু, প্ৰতীক, উপমা, চিত্ৰ কল্পৰ বিষয়ে উল্লেখ কৰি আগবঢ়োৱা আলোচনাই কাব্য প্ৰাণ সকলক আকৰ্ষিত কৰে। ’কবিতাৰ কালিকা কোনো ক্ষেত্ৰতে বান্ধি ৰখা নাযায়, প্ৰজন্মই প্ৰজন্মই ই সলনি হৈ গৈ থাকিব বুলি প্ৰসংগক্ৰমে

ডঃ নাথে উল্লেখ কৰে। উক্ত কাব্যানুষ্ঠানত জ্যেষ্ঠ কবি নীলকান্ত নাথ, জগন্নাথ নাথ, পদুম কুমাৰ নাথ যুৱ কবি কৃষ্ণ সিনহা, বাহাৰুল ইছলাম, প্ৰদ্যুম্ন প্ৰতীম ৰাজখোৱা, ভৱেন চন্দ্ৰ নাথ, আজমিন চুলতানাই কবিতা পাঠ কৰা অনুষ্ঠানত এটি বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰে খ্যাতি ৰাজখুৱাই। শাখা কবি সন্মিলনৰ সম্পাদকে আঁত ধৰা অনুষ্ঠানত পথিত কবিতাৰ সুন্দৰ আলোচনা আগবঢ়াই বিশিষ্ট কবি

ডঃ অৰূপ কুমাৰ নাথে। আলোচনাত ডঃ নাথে বৰেণ্য কবি সকলৰ কবিতা অধ্যয়ন কৰাত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়াই নতুন চামক অনুপ্ৰাণিত কৰে। অসমীয়া কবিতাৰ বৈশিষ্ট্য, কবিতাৰ নিৰ্মাণ, বিষয়বস্তু, কবিতাৰ কালিকা সম্পৰ্কে আলোচনা কৰাৰ লগতে এটি কবিতা পাঠ কৰে সঞ্চালক অনিল কুমাৰ ভূঞাই। কাব্য মন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: