অসম

হিন্দু আৰাধ্য দেৱ-দেৱীৰ ওপৰত ফেচবুকত চূড়ান্ত অশ্লীল মন্তব্য

বৰপেটা ৰোডৰ মিৰাজুল ইছলামক গ্ৰেপ্তাৰ ভূৰাগাঁও আৰক্ষীৰ : জেললৈ প্ৰেৰণ কৰে ধৃত মিৰাজুল ইছলামক

সংবাদদাতা, লাহৰীঘাট:- হিন্দু আৰাধ্য দেৱ দেৱতা ওপৰত অশ্লীল মন্তব্য কৰি বিপদত এইজন বৰপেটা মিৰাজুল ইছলাম। ফেচবুকত হিন্দু আৰাধ্য দেৱ দেৱতাক কৰা এই মন্তব্য বাবে মৰিগাঁও জেলৰ আলহি হ’ব লগা হয় এইজন মিৰাজুল ইছলাম। আজি পৰা কেইদিন

মানৰ আগত হিন্দুত্ব বাদী নেতা সত্যৰঞ্জন বৰাই অসমৰ ৰাইজক নিজা ফেচবুক পেইজৰ পৰা কিছু বক্তব্য ৰাখি থকা সময়তে বৰপেটা মিৰাজুল ইছলাম নামৰ এই যুৱক জনে হিন্দু ধৰ্মীয় লোক সকলৰ আৰাধ্য দেৱ দেৱতাৰ ওপৰত অশ্লীল মন্তব্য কৰিছিল।‌যাৰ ফলত অসমৰ কেইবাঠাইৰ লগতে

মৰিগাঁও ভূৰাগাও আৰু মায়ং আৰক্ষী থানাত মায়ং আঞ্চলিক হিন্দু জাগৰণ মঞ্চই এজাহাৰ দাখিল কৰে। যাৰ ফলত ২৫ জুলাই নিশা ভূৰাগাঁও আৰক্ষী থানাই বৰপেটা আৰক্ষী সহযোগত এই ধৃত মিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰে। আৰু আজি পুৱা এইজন মিৰাজুলক আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: