অসম

হেকাৰৰ কবলত মোদীৰ টুইটাৰ একাউণ্ট

এইবাৰ হেকাৰৰ কবলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট। অৱশ্যে কিছু সময়ৰ বাবেহে হেক হয় একাউণ্টটো। দেওবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিশ্চিত কৰে এই কথা। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তৎক্ষণাত বিষয়টো টুইটাৰক অৱগত কৰে আৰু একাউণ্টটো পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়। একাউণ্ট হেকৰ সময়চোৱাত আপডেট হোৱা প্ৰতিটো টুইটকেই উপেক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অনুৰোধ জনায়। বৰ্তমান একাউণ্টটো পুনৰুদ্ধাৰ কৰি আপত্তিজনক টুইটসমূহ ডিলিট কৰা হৈছে। মাইক্ৰ’ ব্লগিং চাইটত নৰেন্দ্ৰ মোডীৰ 73.8 মিলিয়নৰো অধিক অনুৰাগী আছে। টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বহুতে হেকিঙৰ সময়চোৱাত আপডেট হোৱা টুইটসমূহৰ স্ক্ৰীনশ্বট লৈ পিছত শ্বেয়াৰ কৰে। য’ত লিখা আছিল, “ভাৰতে আনুষ্ঠানিকভাৱে বিটকইনক আইনী নিবিদা হিচাপে গ্ৰহণ কৰিছে। চৰকাৰে আনুষ্ঠানিকভাৱে 500 BTC ক্ৰয় কৰিছে আৰু সেইবোৰ দেশৰ সকলো বাসিন্দাক বিতৰণ কৰি আছে।”

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: