অসম

হেলমেট নিপিন্ধা আৰোহীৰ বিৰুদ্ধে বৰপেটাত ব্যাপক অভিযানঃ একেদিনাই ২.১৩ লাখ টকাৰ জৰিমনা সংগ্ৰহ

সংবাদদাতা, বৰপেটা:- ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি দুচকীয়া মটৰ বাহনত যাতায়ত কৰা সকলো আৰোহীয়ে হেলমেট পৰিধান কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে আজি জিলা পৰিবহণ বিভাগে বিশেষ তালাচী অভিযান আৰম্ভ কৰিছে। কেৱল বৰপেটা চহৰতে চলোৱা এই অভিযানত আজিৰ দিনটোতে ৭৬খন দুচকীয়া বাহনৰ পৰা ২, ১৩, ০০০ টকাৰ জৰিমণা সংগ্ৰহ কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, এই সকলো জৰিমনাৰ ধন ই-চালান যোগে অৰ্থাৎ অন লাইন যোগে জমা কৰা হয়। হেলমেট নিপিন্ধাৰ বাবদ প্ৰতিখন স্কুটাৰ, মটৰ চাইকেলৰ আৰোহীয়ে এহেজাৰ টকাকৈ জৰিমনা ভৰিবলগীয়া হোৱাৰ বিপৰীতে কিছুমানৰ ক্ষেত্ৰত চালকৰ অনুজ্ঞাপত্ৰ, প্ৰদূষণ মুক্ত প্ৰমাণ পত্ৰ‌ও আদি নথকাটোও এই তালাচী অভিযানত ধৰা পৰিছে।

আজিৰ এই তালাচী অভিযানত জিলা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসে নেতৃত্ব প্ৰদান কৰে। এই অভিযান আগন্তুক দিনবোৰতো জিলাখনৰ বিভিন্ন প্ৰান্তত চলাই থকা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা কালিৰে পৰা চহৰখনত দুচকীয়া যান-বাহনৰ সকলো আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক বুলি ব্যাপক প্ৰচাৰ অভিযান চলাই থকা দেখা গৈছে। উল্লেখযোগ্য যে, সততে পথ দুৰ্ঘটনাত মটৰ চাইকেলৰ পিছৰ আৰোহীজন সহজতে আহত বা নিহত হোৱা ঘটনাৰ বৰ্দ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই যান-বাহন আইন অনুসৰি দুয়োজন আৰোহীয়ে হেলমেট পিন্ধাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে জিলা পৰিবহণ বিষয়া সকলক কঠোৰ নিৰ্দেশ দিছে। এই অভিযানত আৰক্ষী প্ৰশাসনেও পূৰ্ণ সহযোগ কৰা দেখা গৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: