অসম

হোজাইত কৰ্মৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আমছু ইত্তেহাদ ফ্ৰন্ট,নেমছুৰ

সংবাদদাতা, দৰং : হোজাই জিলাৰ উদালি কভিড কেয়াৰ চিকিৎসালয়ত ডা: সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ শাৰীৰিক আক্ৰমনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সভাপতি নুৰ ইছলাম,নেমছুৰ সাধাৰণ সম্পাদক জিয়াউল হক আমছুৰ উপদেষ্টা আইনুদ্দিনৰ। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কভিদৰ যোদ্ধা হিচাপে কাম কৰি অহা চিকিৎসক সকলৰ ওপৰত এনে বৰ্বৰ আক্ৰমনৰ ঘটনাক নিন্দা কৰাৰ লগতে এনে অমানৱীয় ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি দোষীক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায়।

হোজাইৰ ঘটনাতোৱে সৰ্বসাধাৰণ ৰাইজেও অতি দূৰ্ভাগ্যজনক বুলি অভিহিত কৰে। প্ৰতিগৰাকী স্বাস্হ্যকৰ্মীয়ে কভিড -১৯ দৰে মহামাৰীৰ সময়তো নি:স্বাৰ্থভাৱে চিকিৎসা সেৱাত ব্ৰতী হৈছে। কিন্তু এনে জটিল সময়ত হোজাই জিলাৰ উদালিৰ কভিড১৯ হাস্পতালত সেৱা আগবঢ়াই থকা ডা: সেনাপতিক জঘন্যভাৱে প্ৰহাৰ কৰাটো বৰ্বৰতাৰ চূড়ান্ত নিদৰ্শন।এনে বৰ্দ্ধিত কাৰ্য্যই চিকিৎসাকৰ্মী সকলৰ মনোবল দুৰ্বল কৰাটো স্বাভাৱিক। সেয়েহে এনে ধৰনৰ কাৰ্য্যক সময় থাকোতে কঠোৰ ভাৱে দমন কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনায় নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জিয়াউল হকে।

আনহাতে এগৰাকী চিকিৎসকক কিছু উগ্ৰ মানসিকতাৰ উদণ্ড লোকে নিৰ্মম ভাৱে প্ৰহাৰ কৰি গুৰুতৰ জখম কৰাৰ লগতে চিকিৎসালয় খনৰ বিভিন্ন সামগ্ৰী ক্ষতিসাধন কৰা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে।কৰ’না মহামাৰীৰ এই জটিল সন্ধিক্ষণত ৰুগী সকলৰ চিকিৎসাৰ বাবে নিজৰ জীৱনক ত্যাগ কৰিবলৈ প্ৰস্তুত থকা চিকিৎসকৰ লগত কৰা এই জঘন্য কাণ্ডৰ এক উচ্চ স্তৰৰ তদন্ত দাবী আমছু’ৰ।চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ড° সেউজ কুমাৰ সেনাপতিৰ

ওপৰত হোৱা আক্ৰমণৰ ঘটনাক ইত্তেহাদ ফ্ৰন্ট ৰাজ্যিক সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে সভাপতি নুৰ ইছলামে কয় যে মহামাৰী সৃষ্ট ভয়ংকৰ পৰিৱেশত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আমাক সেৱা কৰি থকা চিকিৎসক, চিকিৎসা কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়। অসমত চিকিৎসক নিগ্ৰহৰ ঘটনা নতুন নহয়। এনে দুৰ্ভাগ্যজনক ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ইত্তেহাদ ফ্ৰন্টৰ সভাপতি নুৰ ইছলামে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: