অসম

হোমেন বৰগোহাঞিৰ মৃত্যুত যোৰহাটৰ ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক

সংবাদদাতা, বাহনা : অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি,অসমীয়া বিশ্বকোষ আৰু কৰুনাধাৰাৰ স্বষ্টা, পুৰোধা সাহিত্যক হোমেন বৰগোহাঞিৰ মৃত্যুত চাৰিগাঁও সাহিত্য পৰিষদ, বাহনা সাহিত্য সভা, পটীয়াগাঁও সাহিত্য সভা, স্বেচ্ছাসেৱী অনুষ্ঠান সেৱা, হাৰ্ছৰ সভাপতি ডাঃ বলীন খাৰঘৰীয়া,

সৰস্বতী পুস্তক মন্দিৰ,যোৰহাট জিলা কৰ্মচাৰী পৰিষদ, সদৌ অসম আৰু যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সংস্থা,যোৰহাট জিলা মইনা পাৰিজাত, মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰমুখ্যে বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

অসম সাহিত্য সভালৈ অনবদ্য বৰঙণি আগবঢ়োৱা তথা অসমৰ দিশদৰ্শক মহীৰূহজনাৰ মৃত্যুত যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড°চেনিৰাম দত্ত, তিলো সোণোৱাল, নলিনীবালা হাজৰিকা, প্ৰাক্তন সম্পাদক হেমেন কুমাৰ শইকীয়াইও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমাবেদনা জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: