ৰাষ্ট্ৰীয়
হৰভজন সিং হ’ব ‘আপ’ৰ পঞ্জাৱৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙ ৰাজ্যসভা নিৰ্বাচনত আম আদমী পাৰ্টিৰ পঞ্জাৱৰ প্ৰাৰ্থী হ’ব বুলি দলটোৱে ঘোষণা কৰিছে। আম আদমী পাৰ্টীয়ে এই মাহৰ শেষৰফালে ৰাজ্যসভাত পাঁচখন আসন লাভ কৰিবলৈ গৈ আছে। সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নেতৃত্বত নৱগঠিত পঞ্জাৱ ৰাজ্য চৰকাৰে হৰভজন সিঙক এখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰো কমাণ্ড দিব পাৰে। ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা পঞ্জাৱ নিৰ্বাচনৰ ঠিক আগতে, হৰভজন সিঙে বিজেপিত যোগদান কৰাৰ জল্পনা-কল্পনা চলি আছিল। কেইবাটাও সংবাদ মাধ্যমে এই সম্ভাৱনাৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু দাবী কৰিছিল যে এজন জ্যেষ্ঠ বিজেপি নেতাই কৈছিল, “আমাৰ ওচৰত তেওঁলোক (হৰভজন আৰু ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিং) ৰাডাৰত আছে। অৱশ্যে, তেওঁলোকে পিছত উৰাবাতৰিবোৰ খাৰিজ কৰিছিল।