অসম

হৰিশিঙা সাহিত্য সভাৰ উদ্যোগত প্ৰয়াত শৰৎ চন্দ্ৰ ডেকাৰ সোঁৱৰণত বেংবাৰীৰ ইতিহাস ৰোমন্থন

প্ৰয়াত তিলক চন্দ্ৰ ডেকাৰ মৰহা ফুলৰ পাপৰি উন্মোচন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ হৰিশিঙা সাহিত্য সভাৰ এসময়ৰ একনিষ্ঠ সদস্য, আজীৱন সমাজকৰ্মী, সাহিত্যিক, শিক্ষাবিদ প্ৰয়াত শৰৎ চন্দ্ৰ ডেকাৰ পবিত্ৰ সোঁৱৰণত আৰু পৰিয়ালবৰ্গৰ সৌজন্যত হৰিশিঙা সাহিত্য সভাই আজি তেখেতৰ বেংবাৰীস্থিত বাসগৃহত বেংবাৰীৰ ইতিহাস ৰোমন্থন শীৰ্ষক এটি অনুষ্ঠানৰ অনুষ্ঠিত কৰে। পুৱা প্ৰয়াত শৰৎ চন্দ্ৰ ডেকাৰ স্মৃতিত বন্তি প্ৰজ্জ্বলনে অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰয়াত ডেকাৰ সহধৰ্মীনী মইনা ডেকাই। প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে হৰিশিঙা সাহিত্য সভাৰ সভাপতি গুৰুপ্ৰসাদ বায়নে। বেংবাৰীৰ ইতিহাস ৰোমন্থন আৰু গ্ৰন্থ উন্মোচনী সভাত মুখ্য আলোচকৰূপে উপস্থিত থাকি পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰমণী চহৰীয়াই বেংবাৰীৰ অতীত ইতিহাস ৰোমন্থন কৰি কৃষি প্ৰধান বেংবাৰী অঞ্চলটোৰ শৈক্ষিক, সামাজিক দিশৰ ওপৰত আলোকপাত কৰি অঞ্চলটোৰ ৰাইজৰ মাজত দীৰ্ঘদিন ধৰি সৌহাদ্যপূৰ্ণ সম্পৰ্কৰে সম্প্ৰীতিৰ নিদৰ্শন প্ৰদৰ্শন কৰি আহিছে বুলি উনুকিয়াই পূৰ্বৰ তুলনাত বৰ্তমান প্ৰজন্মৰ মাজত মানৱতাবোধ অভাৱ ঘটাৰ কথা উনুকিয়াই ৰাইজক সচেতন হোৱাৰ আহ্বান জনায়। সভাত বেংবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত দেৱজিৎ কুমাৰ ডেকা আৰু বেংবাৰীৰ বিশিষ্ট সমাজসেৱক দুৰ্গেশ্বৰ কুমাৰ, অম্বাগাঁও, দোৱামখাৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰতুল কুমাৰ ভৱৰা, পানেৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নীলধৰ ডেকা, হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকবাহাদুৰ ছেত্ৰী আদিয়ে আলোচকৰূপে উপস্থিত থাকি তাহানিৰ ভুটীয়া ৰজাৰ অধীনত কৰতলীয়া ঠাই হিচাপে খ্যাত বেংবাৰী, ভূটানৰ জংখা ভাষাৰ বেংকুৱা নামৰ পৰা বেংবাৰী নামৰ উৎপত্তি হোৱা বুলি উল্লেখ কৰি বেংবাৰীৰ ইতিহাস সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। অনুষ্ঠানত জেষ্ঠ অধ্যাপক ঘটেশ্বৰ বৰুবাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত প্ৰয়াত শৰৎ চন্দ্ৰ ডেকাৰ ভাতৃ প্ৰয়াত তিলক চন্দ্ৰ ডেকাৰ মৰহা ফুলৰ পাপৰি নামৰ গ্ৰন্থ উন্মোচন কৰি টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে কবি প্ৰয়াত তিলক চন্দ্ৰ ডেকাৰ সৃষ্টিশীলতাৰ বিশদ ব্যাখ্যাৰ লগতে বেংবাৰীৰ স্মৃতি আৰু ইয়াৰ সুযোগ্য সন্তানসকলৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক দিশত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰি এই তথ্য সমৃদ্ধ এখন গ্ৰন্থ সংকলন প্ৰকাশৰ বাবে পৰামৰ্শ আগবঢ়ায়। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতা, উপসভাপতি আদিত চন্দ্ৰ কলিতায়ো অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন শুৱনি কৰি বক্তব্য আগবঢ়াই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: