য়ুথ এণ্ড ইকো ক্লাৱৰ উদ্যোগত জনীয়া হাইস্কুলত জীৱ-বৈচিত্ৰ আৰু পৰিবেশৰ ওপৰত সজাগতা সভা

সংবাদদাতা, কলগাছিয়া:- বৰপেটা জিলাৰ অন্যতম শিক্ষানুষ্ঠান জনীয়া হাইস্কুলত ১৯ ফেব্ৰুৱাৰীত জীৱবৈচিত্ৰ্য আৰু পৰিবেশৰ বিভিন্ন দিশৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। জনীয়া হাইস্কুলৰ য়ুথ এণ্ড ইকো ক্লাৱে আয়োজন কৰা সজাগতা সভাখন সঞ্চালনা কৰে জনীয়া হাইস্কুলৰ প্ৰধান শিক্ষক ছোলাইমান চৌধুৰীয়ে। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে য়ুথ এণ্ড ইকো ক্লাৱৰ অন্যতম তথা শিক্ষক ছহিদুল ইছলামে। ক্লাৱৰ ভাৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন্দ্ৰ বায়নে সম্বৰ্ধনা পৰ্ব পৰিচালনা কৰা সজাগতা সভাত সমল ব্যক্তি দ্বয় ক্ৰমে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা: ছামাদ আলী আৰু জনীয়া প্ৰেছ ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক মইনুল হক চৌধুৰীয়ে জীৱবৈচিত্ৰ্য পৰিবেশৰ বিভিন্ন দিশ, হেল্থ এণ্ড হাইজিনৰ ওপৰত বিস্তৃত ভাবে বক্তব্য প্ৰদান কৰে। সজাগতা সভাখনত শিক্ষক-শিক্ষয়িত্ৰী, স্বাস্থ্যকৰ্মী উপস্থিত থকাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় সহযোগিতা প্ৰশংসনীয়। অন্তত প্ৰধান শিক্ষক তথা সভাৰ সঞ্চালক ছোলাইমান চৌধুৰীয়ে তেওঁৰ মন্তব্যৰ লগতে শলাগৰ শৰাই আগবঢ়াই।