১২-১৩ ফেব্ৰুৱাৰীত লক্ষীমপুৰ শাখা ব্ৰাহ্মণ সভাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিবেশন, আদৰণি সমিতি গঠন

সংবাদদাতা, টংলা:- দৰং-ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ অন্যতম আৰু শক্তিশালী শাখা ৰূপে চিহ্নিত হৈ অহা লক্ষ্মীমপুৰ শাখা ব্ৰাহ্মণ সভাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিবেশনখন দুদিনীয়া বৰ্ণাধ্য কায্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। দৰং জিলাৰ ঐতিহাসিক ৰূপে পৰিচিত শ্ৰী শ্ৰী পৰমানন্দ সেৱাশ্ৰমত অহা ১২আৰু ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব লগীয়া ৪৬ সংখ্যক বাৰ্ষিক অধিবেশন আৰু শ্ৰীশ্ৰী ব্ৰহ্মাযজ্ঞানুষ্ঠাণ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ কৰ্মী পবিত্ৰ শৰ্মাক সভাপতি, ডিম্বেশ্বৰ শৰ্মাক কায্যকৰী সভাপতি, ৰমেশ শৰ্মা, পবিত্ৰ কাশ্যপক যুটীয়া সাধাৰণ সম্পাদক ৰূপে লৈ এখন আদৰণি সমিতি গঠন কৰাৰ লগতে স্মৃতিগ্ৰন্থ, শব্ধ পোহৰ, ৰভা -মঞ্চ, তোৰণ, খাদ্য আদিকে ধৰি কেইবাখনো উপশমিতি গঠন কৰা হৈছে। দৰং আৰু ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ অন্যতম শাখা লক্ষ্মীমপুৰ শাখা ব্ৰাহ্মণ সভাই বিগত বছৰ সমূহৰ দৰে এই বেলিও পূৰ্ণ প্ৰস্তুতি চলোৱা ৪৬ সংখ্যক বাৰ্ষিক অধিবেশন আৰু যজ্ঞানুষ্ঠানত দুদিনীয়া কাৰ্যসূচী সমূহৰ ভিতৰত থাকিব যজ্ঞ, পূৰ্ণাহুতি, নাম-প্ৰসংগ, পূজা অৰ্চনা, আয়তী নাম, আদি মাংঙ্গলিক কায্যসূচী। ধৰ্মালোচনা সভাৰ উপৰিও মুকলি সভা, সম্বৰ্ধনা অনুষ্ঠান, স্মৃতিগ্ৰন্থ উন্মোচন আদি কাৰ্যসূচী থাকিব। মুকলি সভাত দৰং ওদালগুৰি জিলাৰ কেইবাগৰী বিশিষ্ট শিক্ষাবিদ, আইনজ্ঞ ব্যক্তি, পণ্ডিতক, আমন্ত্ৰণ জনোৱাৰ কথাও শাখাৰ সম্পাদক গিৰীন্দ্ৰ শৰ্মা, আদৰণি সমিতিৰ সভাপতি পবিত্ৰ শৰ্মাই জানিবলৈ দিছে। আদৰণি সমিতিয়ে শাখাৰ লগতে দৰং -ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ ৩০০০ হাজাৰ লোকৰ লগতে বিপ্ৰক আদৰিবলৈ ব্যাপক আয়োজন কৰিছে।