বিনোদন

১৭ ডিচেম্বৰত শুভমুক্তি বহু চৰ্চিত কথাছবি ‘দিঠকত হেৰাল সপোন’

কুলদ্বীপ বৰ্মণ:-

মুক্তিৰ প্ৰাকক্ষণত কাঠমাণ্ড বিশ্ব চলচিত্ৰ মহোৎসৱত উজলি উঠিল অসমীয়া কথাছবি “দিঠকত হেৰাল সপোন”। অসমীয়া চলচিত্ৰ উদ্যোগলৈ এটি ভাল খবৰ। কাঠমাণ্ড বিশ্ব চলচিত্ৰ মহোৎসৱত উজ্বলিল মাকনপ্ৰিয়া প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত অসমীয়া চলচিত্ৰ “দিঠকত হেৰাল সপোন”। চলচিত্ৰখনৰ পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই জনোৱা মতে চলচিত্ৰখনে বিশ্বৰ পাছ শতাধিক চলচিত্ৰই যোগদান কৰা মহোৎসৱখনত দিঠকত হেৰাল সপোনে শেষৰ চাৰিটা স্থানত উপনীত হৈছে। এই সুখবৰ এক ইমেইলযোগে মহোৎসৱ সমিতিয়ে জনাইছে বুলি সাংবাদিকক জানিবলৈ দিয়ে পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই। মুক্তিৰ পূৰ্বেই এটাৰ পাছত আনটো সন্মান আৰু বঁটা পাবলৈ সক্ষম হৈছে মাকনপ্ৰিয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া কথাছবি “দিঠকত হেৰাল সপোন” অহা ১৭ ডিচেম্বৰত অসমৰ প্ৰায় দহটা চলচিত্ৰ গৃহত মুক্তি লাভ কৰিব। “কলাকৰি ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২১”ত মূখ্য শাখাত নমিনেচন লাভ কৰিছে দিঠকত হেৰাল সপোনে। ইতিমধ্যে কথাছবিখনে টেগুৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছে। লগতে লাভ কৰিছে আন কেইবাটাও পুৰস্কাৰ। প্ৰসঙ্গক্ৰমে যোৱা ২৩ এপ্ৰিলত কথাছবিখনে অসমৰ দহটা ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল ক’ভিড মহামাৰীৰ সংক্ৰমণৰ বাবে প্ৰদৰ্শন সাময়িক ভাবে বন্ধ ৰখা হৈছে। সম্প্ৰতি ক’ভিডৰ সংক্ৰমণ বহু পৰিমাণে কমি যোৱা বাবে চৰকাৰে চিনেমাগৃহবোৰ খুলিবলৈ দিয়াত ইতিমধ্যে কেবাখনো অসমীয়া চিনেমাই মুক্তি লাভ কৰিছে। দিঠকত হেৰাল সপোনৰ কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ। চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা পঙ্কজ পল্লৱ শৰ্মাৰ। প্ৰযোজনা কৰিছে অজিত বৰ্মনে। পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই লাভ কৰিছে পৰিচালনাৰ ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড। ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস, পঙ্কজ পল্লৱ শৰ্মা, নিলোৎপল শৰ্মা, দিগন্ত কুমাৰ নাথ, দ্বিজেন্দ্ৰ শৰ্মা, প্ৰাণজিৎ শৰ্মা, দিপু কাকতি ,ৰুদ্ৰ শৰ্মা, জ্যোতিৰ্ময় কলিতা, ৰাজীৱ কাকতি, ৰিন্টু কলিতা, ৰিতুমনি, মোহন কলিতা, গোপাল, ৰাকেশ, প্ৰদীপ বৰা, বিদ্যাকান্ত , তীৰ্থৰঞ্জন,পৰেশ চন্দ্ৰ বৰদলৈ, মিৰাজুল ইছলাম, ফাৰুক হুছেইন, মজিবৰ ৰহমান, প্ৰণৱ কুমাৰ দত্ত, প্ৰণৱজ্যোতি কলিতা, ইনামূল ইছলাম, দিপেন শৰ্মা, মদন বৰ্মন, নৃপাল বৰ্মন, ধৰণী বৰ্মন, কুলেন ডেকা, দিলজিত বৰ্মন, গঙ্গাধৰ বৰ্মন, ডাঃ প্ৰনব কুমাৰ শৰ্মা, নিৰ্মল দাস, হৰিশ তালুকদাৰ, ৰামচৰণ ভড়ালী, কন্দৰ্পেশ্বৰ শৰ্মা, যাদৱ কলিতা, উজ্বল ডেকা, সঞ্জীৱ ভাগৱতী, ৰাজেশ মৌৰ, বিপুল তালুকদাৰ, কৌশিক, ভবেশ ডেকা, মণি বৰা, কবিতা শইকীয়া, দিপালী তামুলী, ৰিমঝিম বৰা, ৰিমঝীম শইকীয়া, ইভলীনা, ময়ুৰী, জোনালী চক্ৰবৰ্তী, ভণিতা শৰ্মা, বৰষা, বৰ্ণালী, গীতাঞ্জলী, মিনু ভড়ালী, যমুনা ডেকা, দীপা ভট্ট, পঞ্চী বৰা, পল্লবী চহৰীয়া, লভিতা, আইজনী ডেকা জয়শ্ৰী, লিচা, স্বপ্না ডেকা, স্বপ্না নাথ, পৰিস্মীতা, অনিন্দিতা, অশ্বনজয়া, ছন্দানিকা বৰ্মন, বৰ্ণালী ফুকন, ভায়োলিনা কাশ্যপ, বনশ্ৰী, ধনশ্ৰী, বৃতিষা, আৰিয়ন প্ৰীয়ম, হিমানজ্যোতি,ভৃতু বি কাশ্যপ, অৰ্পিত, প্ৰাচুৰ্য, জ্যোতিৰাদিত্য আৰু মুখ্য চৰিত্ৰত জৰ্জীয়া মেধী। ছবিখনৰ সঙ্গীত আৰু গীতৰ কথা অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনে। কণ্ঠশিল্পী অনিমা চৌধুৰী সুকন্যা গোস্বামী, দেৱৰ্চনা কাশ্যপ আৰু অজিত বৰ্মন। আৱহ সঙ্গীত অৱনী ৰঞ্জন পাঠকৰ। চিত্ৰগ্ৰহণ কৰিছে লক্ষী নাথ আৰু সদা হালৈএ। সহযোগ পঙ্কজ প্ৰকাশৰ। মেক আপ অঞ্জু কলিতাৰ। ছবিখনক লৈ দৰ্শক খুবেই আগ্ৰহী।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: