অসম

১৯৭২ চনতে নিৰ্মাণ হোৱা নগাঁও জিলাৰ দুটা সমষ্টিৰ মধ্যস্থলৰ এখন দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক

 সংবাদদাতা, পুৰণিগুদাম : নগাঁও জিলাৰ দুটাকৈ লেখত ল’ব লগীয়া সমষ্টিৰ মধ্যস্থলত থকা এখন কাঠৰ দলংৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এতিয়া জীয়াতু ভুগিব  লগীয়া হৈছে কেইবাখনো গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে। স্বতৰ্ব্য যে নগাঁও জিলাৰ আউনীআটিৰ সমীপতে  বঢ়মপুৰ আৰু ৰূপহীহাট সমষ্টিৰ সীমাত কলংৰ ওপৰত সত্তৰ দশকতে নিৰ্মাণ কৰা এখন কাঠৰ ফুট ব্ৰীজ। কিন্তু নিৰ্মাণ কালৰ পৰা অতি নিম্ন মানৰ সামগ্ৰী দলংখনৰ ব্যৱহাৰ কৰা পৰিপেক্ষিতত মাত্ৰ চাৰি বছৰৰ মূৰে মূৰে দলংখন যাতায়তৰ অনুপযোগী হৈ পৰে।

যাৰ ফলত বিগত তিনি বছৰ ধৰি মেৰামতিৰ অভাৱত দলঙখন  সম্পূৰ্ণৰূপে জহি-খহি  গৈছে। দলংখনত নাই ৰেলিং, পচা কাঠ, তদুপৰি কলংপাৰ হালোৱাগাওঁ আৰু আউনীআটি সংযোগী দলংখনৰ মাজত এটা অংশ ভাগি পৰাত এতিয়া এডাল মাত্ৰ লোহাৰৰ ঢামকে সাৰথি কৰি নিতৌ জীৱনটো হাতত লৈ নৈখন পাৰ হ’বলৈ বাধ্য হৈছে শিশু, মহিলা, বৃদ্ধকে ধৰি বহুজন লোক। দলংখন আৰচিচি কৰি নিৰ্মাণ কৰি দিবৰ বাবে বঢ়মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাক

বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো বঢ়মপুৰ বিধানসভা সমষ্টি আৰু ৰূপহীহাট বিধান সমষ্টিৰ সীমান্তত হোৱাৰ অজুহাততে হয়তু জনপ্ৰতিনিধি দুজনে কৰা চৰম অৱহেলাৰ বাবে আজিকোপতি নিৰ্মাণ নহল। আনকি দলংখনৰ পৰ্য্যাপ্ত মেৰামতি হৈ নুঠিল। অৱশ্যে নৱনিৰ্বাচীত বিধায়ক জিতু গোস্বামী তথা নবগঠিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শাসনাধিষ্ঠিত চৰকাৰ খনে ফুট ব্ৰীজ খনৰ যাতায়তৰ সুচল কৰি অঞ্চল বাসীৰ  দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰি কলংৰ দুয়ো পাৰৰ ৰাইজক সকাহ দিবৰ বাবে ভুক্তভোগি সকলে আহ্বান জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: