অসম

১ চেপ্তেম্বৰত খটৰা সত্ৰত ব্যাস সংগীতৰ এদিনীয়া কৰ্মশালাৰ আয়োজন

সংবাদদাতা, টংলা:- ঐতিহ্যমণ্ডিত দৰঙী লোক কৃষ্টি ব্যাস ওজাপালিৰ এখনি কৰ্মশালা অহা এক চেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ বাবে আয়োজন চলিছে। দৰঙী কলা কৃষ্টি উন্নয়ন সংঘ ছিপাঝাৰৰ উদ্যোগত খটৰা সত্ৰ পৰিচালনা সমিতিৰ সহযোগত আৰু ৰমেশ কলিতা, নাৰায়ণ বৰুৱা, ব্ৰজেন ডেকা, ৰুদ্ৰমণি নাথৰ আহ্বান ক্ৰমে ঐতিহাসিক খটৰা সত্ৰত খটৰা সত্ৰ অতিথি শালাত দৰঙী লোক কৃষ্টি ব্যাস সংগীতৰ কৰ্মশালা অনুষ্ঠিত হব। অবিভক্ত দৰং জিলাৰ প্ৰায় কুৰিটাৰো অধিক ব্যাস সংগীতৰ দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ৰাতিপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হব লগীয়া কৰ্মশালাত অবিভক্ত দৰংজিলাৰ ব্যাস সংগীতৰ ওজাপালি দল সমূহে আগতীয়াকৈ দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সভাপতি গহীন চন্দ্ৰ চহৰীয়া আৰু সম্পাদক কুলেন্দ নাথ ডেকাৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰিব পাৰে। উক্ত কৰ্মশালাত কেইবাগৰাকীও বিশিষ্ট ব্যাসওজাপালিৰ দলৰ ব্যক্তিয়ে সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব বুলি উদ্যোগতা সকলে জানিবলৈ দিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: