অসম

২০২৫ চনত ভাৰতবৰ্ষক যক্ষ্মামুক্ত কৰাৰ পৰিকল্পনাৰে সাংবাদিকৰ উপস্থিতিত ৰাজ্যিক পৰ্যায়ৰ আলোচনা সম্পন্ন

সংবাদদাতা, পশ্চিম যোৰহাট:- ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষখনক ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত কৰাৰ পৰিকল্পনাৰে সমগ্ৰ ভাৰতবৰ্ষতে কাম কৰি আছে। এই কাৰ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সাংবাদিকসকলক জড়িত কৰি লোৱাৰ অভিপ্ৰায়েৰে ৰাজ্যিক পৰ্যায়ত আলোচনা কৰি আছে। অসম ৰাজ্যিক ভিত্তিত আলোচনা ৯ আগষ্টত সম্পন্ন হয়। ৰাজ্যখনত কৰ্ম ৰূপায়ণ কৰি থকা যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ সৈতে জড়িতসকলৰ আমন্ত্ৰণত

গুগল মীটত অনুষ্ঠিত আলোচনা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ ৰাজ্যিক সঞ্চালকে। যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা পৰিচালিত হোৱা এই গুগল মীটত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ বিশেষকৈ মফচলীয় সাংবাদিকসকলৰ লগতে ভালেকেইখন কাকতৰ সাংবাদিক, সম্পাদকে অংশগ্ৰহণ কৰে। বিশেষকৈ আছাম ট্ৰিবিউন কাকতৰ সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকা, সাংবাদিক নয়ন ভূঞা, অনুপম নাথ প্ৰমুখ্যে ভালেকেইগৰাকীয়ে সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে।

যক্ষ্মা নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনৰ লগতে দেশত কাম কৰি থকা ভালেকেইগৰাকী চিকিৎসক,কৰ্মীয়ে তথ্য চিত্ৰৰ জৰিয়তে দেশত,ৰাজ্যত,জিলাসমূহত বিভাগীয়ভাৱে কৰ্ম ৰূপায়ণ কৰি থকাৰ সম্পৰ্কত সাংবাদিকসকলক অৱগত কৰে। বিশেষকৈ বিগত ১০ বছৰ যক্ষ্মা ৰোগীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই অহাৰ সম্পৰ্কত অৱগত কৰাৰ লগতে প্ৰতিগৰাকী যক্ষ্মা ৰোগীক বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ পাছত ঔষধ প্ৰদান কৰা আৰু প্ৰতি মাহতে ৰোগীৰ নামত বেংকত থকা হিচাপত ৫০০ টকাকৈ জমা কৰি থকাৰ উপৰি পৰিচৰ্যা কৰা আৰু যক্ষ্মা ৰোগ হোৱাৰ সম্পৰ্কত বিভাগক অৱগত কৰা ব্যক্তিসকলকো বেংকত থকা হিচাপৰ জৰিয়তে ৫০০ টকাকৈ প্ৰদান কৰি থকা বুলি উল্লেখ কৰে।

নিয়মীয়াকৈ ঔষধ সেৱন কৰি যক্ষ্মা ৰোগৰ পৰা নিৰ্মূল হোৱা সকলক লৈ দেশত,ৰাজ্যত, জিলা পৰ্যায়ত যক্ষ্মা চেম্পিয়নৰ একোটাকৈ দল গঠন কৰা বুলি অৱগত কৰি সেই দলৰ লগত জড়িতসকলক লৈ নগৰে-গাঁৱে প্ৰচাৰ সভাৰ জৰিয়তে ৰোগীসকলক নিয়মীয়াকৈ ঔষধ সেৱন কৰিলে যে যক্ষ্মা ৰোগ নিৰ্মূল হয় সেয়াও প্ৰমাণসহ অৱগত কৰাই আছে বুলি বিভাগীয়ভাৱে অংশগ্ৰহণ কৰা সকলে সাংবাদিকসকলক অৱগত কৰে।যক্ষ্মা ৰোগ হোৱাৰ সামান্য উমান পালেই অথবা সন্দেহ হ’লে ১৮০০-১১-৬৬৬৬ টলফ্ৰি নম্বৰত যোগাযোগ কৰিবলৈ আৰু চৰকাৰ তথা বিভাগে আগবঢ়োৱা সুবিধাসমূহৰ সম্পৰ্কত অৱগত হ’বলৈ ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ প্ৰতি ব্যক্তাসকলে আহ্বান জনায়।

উল্লেখ্য, যোৰহাট জিলাত ২০১৫ চনত যোৰহাট জিলাত যক্ষ্মা ৰোগী আছিল ১,২১২ গৰাকী। হ্ৰাস পাই বৰ্তমান এই সংখ্যা হৈছেগৈ ৫৬৭গৰাকী। তদুপৰি মাজুলী জিলাত যক্ষ্মা ৰোগীৰ সংখ্যা বৰ্তমান ৯০ গৰাকী আছে বুলি যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই সাংবাদিকসকলক অৱগত কৰাৰ লগতে যোৰহাট আৰু মাজুলী জিলাত মুঠ ৮ গৰাকী বিভাগীয়ভাৱে নিযুক্তি প্ৰাপ্ত কৰ্মচাৰীয়ে কাম কৰি থকা বুলি উল্লেখ কৰি দুয়োখন জিলাৰ সাংবাদিকসকলৰ সহযোগত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে যোৰহাট জিলাখনো যক্ষ্মা মুক্ত ২০২৫ চনৰ ভিতৰত কৰিব পৰা যাব বুলি আলোচনা চক্ৰত কয়।

যোৰহাট মৰিয়নীৰ ভেলৌগুৰি চাহবাগিচাখন জিলাখনৰ ভিতৰত প্ৰথম যক্ষ্মামুক্ত চাহবাগিচা বুলিও ডাঃ ভক্তিময় ভট্টাচাৰ্যই বক্তব্যত উল্লেখ কৰে। উল্লেখ্য, যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সঞ্চালকে আৰম্ভণি ভাষণত মুঠ ৬০০ গৰাকী বিভাগীয়ভাৱে নিযুক্তি প্ৰাপ্ত বিষয়া-কৰ্মচাৰীয়ে সমগ্ৰ ৰাজ্যখনতে কাম কৰি থকা বুলি উল্লেখ কৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাৰ বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্যখনৰ প্ৰতিগৰাকী সাংবাদিকেই সহযোগিতা আগবঢ়ালেই ২০২৫ চনত দেশৰ লগতে ৰাজ্যখনো যক্ষ্মা মুক্ত হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে সাংবাদিকসকলৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: