অসম

২৭,২৮ নৱেম্বৰত বৰভেটিত ন-লগোৱা উৎসৱ

যোৰহাটৰ উপায়ুক্তই পৰিদৰ্শন কৰিলে বৰভেটি

সংবাদদাতা, পশ্চিম যোৰহাট:- আহোমৰ ৰাজত্বকালত মোৱামৰীয়াসকলে শক্তি আৰু একতা প্ৰদৰ্শনৰ উদ্দেশ্যে খুঁটিয়াপোতা সত্ৰৰ সত্ৰাধিকাৰ অষ্টভুজ দেৱৰ নিৰ্দেশত ভকত-বৈষ্ণৱ, মোৱামৰীয়া সম্প্ৰদায়ৰ পুৰুষসকলে বলে পৰা একো চপৰাকৈ মাটি দি যোৰহাট মালৌপথাৰৰ ১৪ হাত দ পিতনিত ১৮ হাত ওখকৈ ১৭৬৮ খ্ৰীষ্টাব্দতে বন্ধা বুৰঞ্জীত উল্লিখিত বৰভেটি ১৭ নৱেম্বৰত পৰিদৰ্শন কৰিলে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। খালী ভৰিৰে প্ৰাঙ্গনৰ লগতে বৰভেটি চৌপাশ এপাক ঘূৰি উপায়ুক্তজনে কয়, ঐতিহাসিক বৰভেটিৰ লগতে চৌপাশটো সুন্দৰকৈ সজাই তোলাত সন্তুষিত হৈছো। গছসমূহত অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচা বন্ধাৰ লগতে বৰভেটিৰ চৌপাশত পেকেটসহ নিমখ দান দিছে ভক্তসকলে। গছত গামোচা বন্ধাত গছসমূহ দৃষ্টিকটু হৈ পৰাৰ লগতে পেকেটসহ নিমখ দিয়াত পলিথিনে পৰিবেশ বিনষ্ট কৰিছে।

গছত গামোচাৰ পৰিবৰ্তে গামোচাখনৰ অকণমান সূতা আগবঢ়াই গামোচাখন সমিতিক দিলে আৰু পেকেটসহ নিমখ নিদি কেৱল নিমখ পাত্ৰত আগবঢ়াই দিলে পৰিবেশ সুস্থ হৈ থাকিব। উপায়ুক্তজনে বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে বৰভেটিৰ দক্ষিণ দিশত থকা মজিয়া ভেটি আৰু সাংস্কৃতিক কেন্দ্ৰটো পৰিদৰ্শন কৰে। ২৭, ২৮ নৱেম্বৰত বৰভেটিত হ’বলগীয়া ২৫৪ সংখ্যক ন-লগোৱা উৎসৱৰ প্ৰস্তুতিৰ সম্পৰ্কত অৱগত হোৱাৰ উদ্দেশ্যে আৰু দৰ্শন কৰাৰ বাবে উপস্থিত হোৱা উপায়ুক্তজনে ২১ নৱেম্বৰত ম’হবন্ধাস্থিত চুকাফা সমণ্বয় ক্ষেত্ৰত উপস্থিত হ’বলগীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ন-লগোৱা উৎসৱলৈ আমন্ত্ৰণ জনাবলৈও সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সৈতে জড়িতসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে সহযোগিতা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য ২৭, ২৮ নৱেম্বৰত হ’বলগীয়া ন-লগোৱা উৎসৱৰ প্ৰস্তুতিৰ সম্পৰ্কত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। সভাপতি পূৰ্ণকান্ত বৰাই কয়, ৩৫খন মূল সমিতিৰ লগতে ৩৫খন উপ-সমিতি গঠনেৰে ন-লগোৱা উৎসৱ সফল কৰি তুলিবলৈ প্ৰস্তুতি কৰি থকা হৈছে। বাজেট ধাৰ্য কৰা হৈছে ৬ লাখ টকা। ৰাজ্যখনৰ বহুসংখ্যক লোক উপস্থিত হ’বলগীয়া ন-লগোৱা উৎসৱৰ কাৰ্যক্ৰমনিকা অনুসৰি ২৭ নৱেম্বৰৰ পুৱা ৯: ০০ বজাৰ পৰা ক্ৰমে উৎসৱৰ ধৰ্ম ধ্বজা উত্তোলন, সমিতিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে সৰুচৰাই চেঙেলীআটি পথৰ পৰা বৰভেটি সংযোগী নতুনকৈ নিৰ্মাণ কৰা পথটো ১০: ৩০ বজাত মুকলি কৰিব স্থানীয় বিধায়ক ভবেন্দ্ৰনাথ ভৰালীয়ে।

বৰভেটি নিৰ্মাণ কৰোঁতেই বন্ধা পথটো বেদখলৰ গৰাহৰ পৰা ২০১৪ চনত মুক্ত কৰা হয়। উক্ত পথটো পেভাৰ ব্লকেৰে বিধায়কে আগবঢ়োৱা অনুদানেৰে নিৰ্মাণ কৰি উলিয়াইছে বিভাগে। সন্ধিয়া ২৫৪গছি বন্তি প্ৰজ্বলনৰ পাছতে সম্বৰ্ধনা অনুষ্ঠানত ন-লগোৱা উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ অষ্টভুজ উন্মোচন কৰিব যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ দেবব্ৰত শৰ্মাই। সমিতিৰ আজীৱন সদস্য পদ বৰ্ষটোত লোৱাসকলক উক্ত অনুষ্ঠানতে মানপত্ৰ প্ৰদান কৰা হ’ব। ২৮ নৱেম্বৰৰ পুৱা বন্তি প্ৰজ্বলনৰ পাছতে ভাগৱত পাঠ আৰু ৯: ০০ বজাৰ পৰা সন্ধিয়ালৈকে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহি যোৰহাটৰ ভোগদৈ নৈৰ পাৰৰ মালৌপথাৰত উপস্থিত হোৱাসকলে শালি খেতিত উৎপাদিত শস্য তথা ন-ধানৰ পৰা প্ৰস্তুত কৰা চাউলেৰে বন্ধা কেঁচা মিঠৈৰ লগতে নৈবেদ্যসহ বৰভেটিলৈ আগবঢ়াব।

মৃদংগীয়া গায়ন-বায়ন প্ৰদৰ্শন আৰু নাম-কীৰ্তন গাঁও, খেল ভিত্তিত কৰিব, অন্যসকলে নৈবেদ্য আগবঢ়াব, বন্তি প্ৰজ্বলন কৰিব, নিমখ আগবঢ়াব। সেইদিনা লোকাৰণ্য হৈ পৰিব বৰভেটিৰ লগতে মালৌপথাৰ। জিলা প্ৰশাসনৰ লগতে আৰক্ষী বিভাগ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মূল সমিতি আৰু ৩৫খন উপ-সমিতিক সহযোগিতা আগবঢ়াব। সুন্দৰ আৰু সু-শৃংখলভাৱে গায়ন-বায়ন প্ৰদৰ্শন কৰা দলক বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিয়ে দিনৰ ৩: ০০ বজাত প্ৰশংসা পত্ৰ প্ৰদান কৰিব আৰু সন্ধিয়া ধৰ্ম ধ্বজা, পতাকা সম্বৰণেৰে বৰভেটিৰ ২৫৪ সংখ্যক ন-লগোৱা উৎসৱৰ সামৰণি পৰিব। উৎসৱ উদযাপনত অঞ্চলৱৰ্তী ৰাইজৰ সহযোগিতা সমিতিয়ে কামনা কৰাৰ লগতে ৰাজ্যখনৰ ধৰ্ম প্ৰাণ ব্যক্তিসকলক যোৰহাট মালৌপথাৰৰ বৰভেটিৰ লগতে সেউজ প্ৰাঙ্গন দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button