অসম

২৮ ডিচেম্বৰত অমৰাৱতীৰ অধিৱেশন

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ নিমাতী বৰআলিৰ কাষৰ পতীয়া-ফকলা পথাৰস্থিত বৃদ্ধাশ্ৰম অমৰাৱতীৰ অধিৱেশন ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব। সেইদিনা পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পাছতে হ’বলগীয়া মুকলি সভাত যোৰহাটৰ উপায়ুক্ত, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অ’নজিচিৰ বেচিন মেনেজাৰ প্ৰমুখ্যে ভালেকেইজন বিষয়া উপস্থিত থাকিব। ৰাজ্যৰ সাংসদ, মন্ত্ৰী, বিধায়ক, বিভিন্ন বিভাগৰ বিষয়াসকলক আমন্ত্ৰণ জনাইছে। অধিৱেশনৰ মুকলি সভাতে মুখপত্ৰ “অমৰাৱতী” উন্মোচন কৰিব ডক্টৰ দেবব্ৰত শৰ্মাই। অমৰাৱতীৰ কাৰ্যকৰী সভাপতি ডক্টৰ নিৰ্মল বৰা, প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ মহন্তই ৰাইজৰ উপস্থিতি কামনা কৰিছে। ২৭ ডিচেম্বৰত বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ পাতি প্ৰদান কৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: