অসম

২৮ ডিচেম্বৰত অমৰাৱতী বৃদ্ধাশ্রমৰ অধিৱেশন, অভ্যৰ্থনা সমিতি গঠন

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ নিমাতী বৰআলিৰ কাষৰ পটীয়া ফকলাস্থিত অমৰাৱতী বৃদ্ধাশ্ৰমৰ দ্বি-বাৰ্ষিক অধিৱেশন ২৮ ডিচেম্বৰত বৃদ্ধাশ্ৰমখনৰ প্ৰাঙ্গনতে অনুষ্ঠিত কৰিবলৈ ১১ ডিচেম্বৰত ডঃ নিৰ্মল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সিদ্ধান্ত কৰে সম্পাদক উপেন্দ্ৰজিৎ মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আৰম্ভণিতে বৃদ্ধাশ্ৰমখনৰ শুভাকাংক্ষী-সদস্য অজয় বৰকটকী, গণেশ বৰাৰ অকাল আৰু আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জনায়। বিগত সভাৰ কাৰ্যবিৱৰণী সম্পাদকে পাঠ কৰে আৰু সৰ্বসন্মতি ক্ৰমে গৃহীত হয়। বৃদ্ধাশ্ৰমখনৰ প্ৰতিষ্ঠাপক সভাপতি শিৱপ্ৰসাদ বৰুৱাই আশ্ৰমখন প্ৰতিষ্ঠাৰ সময়তে আগবঢ়োৱা ৪ লাখ টকা দানৰূপে আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে তেওঁৰ পত্নী আৰাধনা বৰুৱাৰ সোঁৱৰণত এটা কোঠা নামকৰণ কৰিবলৈ সভাত সিদ্ধান্ত কৰে। তেজপুৰ পদুমপুখুৰী বিবেকানন্দ পথস্থিত বেণী তাঁতি চুন্নিয়ে ৫০ হাজাৰ টকা বৃদ্ধাশ্ৰমখনৰ নিৰ্মাণত ব্যয় কৰিবলৈ উক্ত সভাতে দানৰূপে প্ৰদান কৰে। অধিৱেশনত অন্যান্য কাৰ্যসূচীৰ লগতে মুকলি সভা অনুষ্ঠিত হ’ব। সভাতে বৃদ্ধাশ্ৰমখনৰ মুখপত্ৰ অমৰাৱতী উন্মোচন কৰিবলৈ সিদ্ধান্ত কৰে। জগত চন্দ্ৰ বৰঠাকুৰ, বৈকুণ্ঠ মহন্ত, প্ৰতাপ চন্দ্ৰ বৰদলৈ, ডঃ বিপিন খঙীয়া, সূৰ্য গগৈ, ডঃ বীণা বৰুৱা, ডিম্বেশ্বৰ শৰ্মা, বিমান চন্দ্ৰ বৰুৱা, ইক্ৰাম শইকীয়া, চফল কুমাৰ খাওন্দ, ডঃ বিমলা প্ৰসাদ বৰুৱা, তিলক চন্দ্ৰ ভট্টাচাৰ্য, ৰমেন শইকীয়া, ডঃ মিনতি ফুকন, ডঃ পৰাণ বৰুৱা, ডঃ স্মৃতিৰেখা বৰুৱা, অচিন্ত দত্ত, অঞ্জুমণি বৰা, অঞ্জন কুমাৰ বৰদলৈ, পুষ্পধৰ বৰুৱা, মৃদুস্মিতা বৰফুকন, বীৰেন্দ্ৰ নাথ দত্ত, জয়ন্ত বৰুৱাই বৃদ্ধাশ্ৰমখনৰ উন্নয়নৰ লগতে আগন্তুক অধিৱেশনৰ সফলতা কামনাৰে পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় আৰু অধিৱেশনখন সফল ৰূপায়ণত ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰে। অধিৱেশনৰ মুকলি সভালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সাংসদ মন্ত্ৰী, বিধায়ক, উচ্চপদস্থ বিষয়া আৰু সন্মানীয় ব্যক্তিক বক্তা হিচাপে নিমন্ত্ৰণ কৰিবলৈ সিদ্ধান্ত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: