অসম

২৮ ফেব্ৰুৱাৰীৰ পৰা বৰাখাট শিৱ মন্দিৰৰ মহা শিৱৰাত্ৰি উদযাপন আৰু নৱনিৰ্মিত দেৱগৃহ উদ্বোধনী অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰাখাট গাঁৱত সমগ্ৰ বিশ্ববাসীৰ ঐক্য, শান্তি -সম্প্ৰীতিৰ উপৰিও কল্যাণাৰ্থে বৰাখাট শিৱ মন্দিৰত শিৱৰাত্ৰি উদযাপনৰ লগতে নৱনিৰ্মিত দেৱগৃহ উদ্বোধনী অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলাইছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী পৰিচালনা কৰিবলৈ উদীয়মান যুৱক, সমাজ কৰ্মী দিপাংকৰ শৰ্মাক সভাপতি, কন্দৰ্প কলিতাক সম্পাদক ৰূপে লৈ এখনি উদযাপন সমিতি গঠন কৰাৰ লগতে কেইবাখনো উপ সমিতি গঠন কৰিছে। শিৱৰাত্ৰি উদযাপন আৰু নৱ নিৰ্মিত দেৱগৃহ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ২৮ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী সমূহৰ ভিতৰত আছে বন্তিপ্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, ভাগৱত পাঠ শুভাৰম্ভ, ভাগৱত শোভাযাত্ৰা, আৰু সন্ধিয়া ধৰ্ম-চৰ্চা অনুষ্ঠান। ১ মাৰ্চৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা বন্তিপ্ৰজ্বলন, পানীতোলা অনুষ্ঠান, মাঙ্গলিক পূজা-অৰ্চনা, নৱনিৰ্মিত দেৱ গৃহৰ মূল দ্বাৰ উন্মোচন, দেৱগৃহ বেদীত মূল বন্তিপ্ৰজ্বলন, ওজা হৰি চন্দ্ৰ শৰ্মাৰ ওজাৰ ওজাপালি পৰিবেশন, বৃক্ষভ উচ্চৰ্গা, পুষ্পাঞ্জলি অৰ্পণ আৰু নিৰ্মালী গ্ৰহণ, আয়তীৰ দিহানাম প্ৰদৰ্শন যজ্ঞৰ মূল বন্তিপ্ৰজ্বলন। অন্তিম দিনা ৰাতিপুৱা ৬ বজাত বন্তিপ্ৰজ্বলন, ৬-৩০ বজাত সমূহীয়া পৰিবেশ নিকাকৰণ, ১বজাত অনুষ্ঠিত হ’বলগীয়া ধৰ্মালোচনা সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব মঙ্গলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে। ধৰ্মলোচনা সভাত আলোচক ৰূপে আধ্যাত্মিক পণ্ডিত ৰামকৃষ্ণ চৌহান অৱসৰপ্ৰাপ্ত শিক্ষক গৌৰীকান্ত শৰ্মাই অংশগ্ৰহণ কৰাৰ বিপৰীতে বিশিষ্ট অতিথিৰূপে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ শান্তিয়ুছ কুজুৰবিটিচিৰ কায্যবাহী সদস্য দিগন্ত বৰুৱা, এম চি এল এ ভবেন্দ্ৰ বড়ো আৰু পানেৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰীয়ে অংশ লব। বিশিষ্ট সমাজকৰ্মী বিকন ডেকা, আৰু দৰং-ওদালগুৰি জিলাৰ মঠ-মন্দিৰ, দেৱালয়, পীঠ সমূহৰ সভাপতি, সম্পাদক সকলে উক্ত আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব। আদৰণি সমিতিৰ লগতে মন্দিৰ পৰিচালনা সমিতিয়ে তিনিওটা দিনৰ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button