অসম

২ লাখ টকাৰ বিনিময়ত ৰঙিয়াৰ মহিলাক বিক্ৰী হাৰিয়ানাত

ৰাজ্যত অব্যাহত মানৱ সৰবৰাহ

সংবাদদাতা, ৰঙিয়া:- প্ৰথমে ফেচবুক প্ৰেম আৰু ইয়াৰ পিছতে বিয়াৰ প্ৰলোভনেৰে কোকৰাঝাৰলৈ নি হাৰিয়ানা প্ৰদেশত বিক্ৰী কৰে ৰঙিয়াৰ এগৰাকী মহিলাক। ৰাজীৱ চন্দ্ৰ ৰায় নামৰ লম্পটজনে ৰঙিয়াৰ ২ নং নকুল গাঁৱৰ মহিলা এগৰাকীক বিয়াৰ প্ৰলোভনেৰে ফুচুলাই কোকৰাঝাৰলৈ লৈ যায় আৰু কোকৰাঝাৰত দুদিন ৰাখি

হাৰিয়ানাৰ জয় সিং নামৰ এগৰাকী ব্যক্তিৰ হাতত গতাই। ভুক্তভোগী অসহায় মহিলা গৰাকীয়ে পিছত জানিব পাৰে যে তেওঁক দুই লাখ টকাৰ বিনিময়ত লম্পট ৰাজীৱ চন্দ্ৰ ৰায়ে বিয়াৰ বাবে কইনা আৱশ্যক হোৱাত বিক্ৰী কৰে। ইফালে প্ৰায় চাৰিমাহ পৰিয়ালৰ লোকে বিচাৰ-সোচাৰ কৰি ভাগৰি পৰে। মহিলা গৰাকীয়ে কোনোমতে

পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ স্থাপন কৰে, পিছত পৰিয়ালৰ লোকে ঘটনা সম্পৰ্কে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকক এইকথা জনাই আৰু পৰৱৰ্তী পৰ্যায়ত ৰঙিয়া আৰক্ষীৰ সহযোগত হাৰিয়ানাৰ কৌশল্য নগৰৰৰ ৰেৱাৰী জিলাৰ পৰা উদ্ধাৰ কৰি ট্ৰেইনযোগে লৈ আনিবলৈ সক্ষম হয়। এই ঘটনাই স্বাভাৱিকতে ৰঙিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: