অসম

৩৮ বছৰ ধৰি ভাড়াঘৰত চলি আছে টংলা অগ্নি আৰু আপদকালীন সেৱা আস্থান

সংবাদদাতা, টংলা : ওদালগুৰি জিলাৰ এখন ঐতিহ্যমণ্ডিত  বাণিজ্য, শিক্ষা, সাহিত্য ,সংস্কৃতিৰ নগৰীত ৩৮ বছৰ ধৰি ভাড়া ঘৰতে  অসম চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ বিভাগ অগ্নি আৰু আপদকালীন সেৱা আস্থান চলি থকাটোৱে চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে। জিলাখনৰে পুৰণি চহৰ টংলাত আজিকোপতি ভাড়া ঘৰৰ পৰাই  অগ্নি আৰু আপদকালীন সেৱা আগবঢ়াই আহিবলগীয়া হোৱাটো চৰম লজ্জাজনক কথা বুলি অভিহিত কৰিছে।

টংলা চহৰৰ ৪ নং ৱাৰ্ডৰ এগৰাকী ব্যক্তিৰ ঘৰকে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে বৃহত্তৰ টংলা অঞ্চলত দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে। ওদালগুৰি জিলাৰ  টংলাস্থিত  অগ্নি আৰু আপদকালীন সেৱা আস্থানটোৱে পূৰ্বতে কলাইগাঁও, হৰিশিঙা, ডিমাকুছি, খৈৰাবাৰী, ভেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত সেৱা আগবঢ়াই আহিছিল উক্ত ভাড়া ঘৰটোৰ পৰা। অবিভক্ত দৰং জিলাৰ এখন অতি পুৰণি মফচলীয় গ্ৰাম্য চহৰ ,বাণিজ্য শিক্ষা, সাহিত্য -সংস্কৃতিত চহকী টংলাত এসময়ত ব্ৰিটিছ চৰকাৰ ৰেল পথ মুকলি কৰিছিল,

ভূতিয়া সকলেও হেনো লা বিক্ৰী কৰিবলৈ আহিছিল, মহামানৱ মহাত্মা গান্ধীয়েও ৰে’ল ষ্টেচনত খোজ দিছিল, ঐতিহাসিকভাৱেও গুৰুত্বপূৰ্ণ চহৰখনত নিজাববীয়াকৈ এটি দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গৃহ নিৰ্মাণ কৰিব নোৱাৰাটো  ৰহস্যজনক। বহু চৰকাৰ আহিল গ’ল,মন্ত্ৰী -বিধায়কো আহিল গ’ল কিন্তু টংলাৰ ৰাইজৰ বাবে  এটি স্থায়ীভাৱে অগ্নি আৰু আপদকালীন বিভাগৰ গৃহ নিৰ্মাণ নিজা মাটিত হৈ নুঠিল। যাৰ বাবে উক্ত গুৰুত্বপূৰ্ণ বিভাগটো অন্য ঠাইত গুচি যোৱাৰ উপক্ৰম হৈছে।

বি টি চি চৰকাৰ গুচি বি টি আৰ হ’ল  যদিও ভাৰাতীয়াকৈ থাকি সেৱা আগবঢ়াই অহা উক্ত কেন্দ্ৰটোৰ বাবে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই জনসাধাৰণৰ সমস্যাক আওকাণ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে। ঐতিহ্যমণ্ডিত টংলা মহা বিদ্যালয়, এশ বছৰ অতিক্ৰম কৰা ছাঁটগাড়ী মজলীয়া বিদ্যালয়ৰ লগতে  বহুতো চৰকাৰী, ব্যক্তিগত খণ্ডৰ বিদ্যালয়, টংলা পৌৰ নিগম, ডাকবিভাগ, জলসিঞ্চন বিভাগ, গড়কাপ্তানী বিভাগ,

জনস্বাস্থ্য কাৰিকৰী বিভাগ, পশু চিকিৎসা কেন্দ্ৰ, বহু কেইটা বেংক প্ৰতিষ্ঠান, বিদ্যুৎ বিভাগ, নামঘৰ,সত্ৰ, মঠ-মন্দিৰ,মছজিদ, টংলা সামূহিক স্বাস্থ্যকেন্দ্ৰ, ইত্যাদি অনেক অনুষ্ঠান প্ৰতিষ্ঠানে গীজগিজাই থকা টংলা চহৰত এটি গুৰুত্বপূৰ্ণ বিভাগ অন্য ঠাইত সংস্থা পিত হ’লে ইয়াতকৈ লাজলগা বিষয়ে নহয় ,দুখজনক ঘটনা হ’ব টংলাবাসীৰ বাবে। জানিব পৰা মতে ২০১৯ চনতে ঘৰ ভাড়া দিয়া মালিকে উক্ত আস্থানটোলৈ জাননীও জাৰি কৰিছে।

বৃহত্তৰ অঞ্চলটোৰ বাবে অতি প্ৰয়োজনীয় জৰুৰী কালীন সেৱাৰ লগত জড়িত অগ্নি নিৰ্বাপন কেন্দ্ৰটো স্থানান্তৰ হলে টংলা অঞ্চলৰে যে বৃহৎ ক্ষতি হ’ব সেইটো অনস্বীকাৰ্য। উক্ত অনুষ্ঠানটো কোনো কাৰণতে যাতে অন্য ঠাইলৈ নিবলগীয়া পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বি টি আৰ ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো,পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, খালিং দুৱাৰ পৰিষদৰ দিলীপ বড়ো,

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগক তৎকালীনভাবে এটুকুৰা ভূমিৰ ব্যৱস্থা কৰি টংলাতে স্থাপিত কৰিবলৈ টংলা অঞ্চলৰ সচেতন নাগৰিক সমাজে অনুৰোধ জনাইছে। অসম সাংস্কৃতিক মহাসভা অসমৰ কাৰ্যকৰী সভাপতি টংলাৰ সচেতন ব্যক্তি ডঃ হৰিৰাম দাস, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক দিব্যজ্যোতি ডেকা,

জিলা কোচ ৰাজবংশী ছাত্র সন্থা (পশ্চিম)ৰ সভাপতি হেমন্ত বৰা কোচ,টংলা আঞ্চলিক ছাত্র সন্থা,বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা,বেংগলী ছাত্ৰ ফেডাৰেশ্যন, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টংলা সাহিত্য সভা, সদৌ টংলা ৰঙালী বিহু সন্মিলন, টংলা যুৱ মঞ্চ,পূব টংলা সাংস্কৃতিক যুৱ মঞ্চ,টংলা প্ৰেছ ক্লাব,টংলা জ্যেষ্ঠ নাগৰিক সন্মিলন,

টংলা শিল্পী সমাজ,পূৰণদিয়া সাহিত্য সভা,আদিবাসী ছাত্ৰ সন্থা,প্ৰাক্তন সাংসদ শান্তিউছ কুজুৰ প্ৰমুখ্যে দল সংগঠন, ব্যক্তি বিশেষে  টংলা স্থিত অসম চৰকাৰৰ অগ্নি আৰু আপদকালীন আস্থানটো কোনো কাৰণতে অন্য ঠাইলৈ হস্তান্তৰ নকৰিবলৈ অনুৰোধ জনায়।অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ বিকল্প নাই বুলিও মতপোষণ কৰে দল-সংগঠনে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: