অসম

৩ বছৰত ৪৫০০ গছপুলি ৰোপণেৰে অৰণ্য গঢ়িছে উচ্চ শিক্ষিত যুৱকে

প্ৰকৃতিৰ সংৰক্ষণত গুৰুত্ব আৰোপ যুৱকজনৰ

সংবাদদাতা, ঢকুৱাখনা:- যি সময়ত ৰাজ্যৰ একাংশ বনাঞ্চলত একাংশই গছ কাটি ধবংস কৰি আহিছে সেই সময়তে ঢকুৱাখনাৰ এজন উচ্চ শিক্ষিত অমায়িক যুৱক অমলেন্দই কঠোৰ পৰিশ্ৰম আৰু ধৰ্যৰ ফলত সৃষ্টি কৰিছে এখন জংঘল। গছ ভালপোৱা এই জন যুৱকে ৩ বছৰত ৰোপণ কৰিছে হাজাৰ হাজাৰ মূল্যবান চেগুণ আৰু শিমলু গছ। ২০১৮ চনৰ এপ্ৰিল মাহতে প্ৰায় ৯ বিঘা মাটিত ৰোপণ কৰা

প্ৰতিজোপা চেগুণ গছসমূহ লহপহকৈ বাঢ়ি ওখ হৈছে ১০-১২ ফুট।চালে চকুলোৱা গছৰ তলিখনত ৰাখিছে আটক ধুনীয়াকৈ।ইতিমধ্যে এই গছ সমূহত বিভিন্ন বনৰীয়া পক্ষীয়ে বাঁহ সাঁজিবলৈ আৰম্ভ কৰিছে।ঢকুৱাখনাৰ মৰনৈ পঞ্চায়তৰ পাৰঘালি গাঁৱৰ অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অমলেন্দ ৰাজখোৱা নামৰ এই শিক্ষিত যুৱকজনে অকলেই এনেদৰেই ৰূপান্তৰ কৰিছে এখন মানৱসৃষ্ট অৰণ্য।

তেওঁ ভবিষ্যতে গছসমূহ বিক্ৰী কৰি উপাৰ্জন কৰাৰ লক্ষ্যই নহয়। তেওঁ লক্ষ্য মহান। হাঁহি মুখীয়া মৰমলগা অমলেন্দই নিৰবিচ্ছিন্নভাৱে  প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ্থে এফালৰ পৰা ৰোপণ কৰি বঢ়াই গৈছে গছসমূহ।তেওঁ যুৱকসকলৰ প্ৰতি এটাই আহ্বান যাতে সকলোৱে কম বেছি পৰিমাণে যিমান পাৰে গছ ৰোপণ কৰক আৰু প্ৰতিপালন কৰক যাতে আমাৰ ধৰণীখন চিৰ সেউজীয়া হৈ থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: