অসম

৪৯ সংখ্যক অসম ৰাজ্যিক আন্তঃজিলা ভাৰত্তোলন প্ৰতিযোগিতাত ধনশিৰিৰ মহিলা দল শ্ৰেষ্ঠ

সংবাদদাতা, ধনশিৰি:- ধনশিৰি মহকুমাত মহিলা খেলুৱৈৰ চমক অব্যাহত। বিশ্বনাথ চাৰিআলিত চাৰিদিনীয়াকৈ ১২ ডিচেম্বৰ তাৰিখৰ পৰা ১৫ ডিচেম্বৰ তাৰিখলৈ অনুষ্ঠিত হোৱা ৪৯ সংখ্যক অসম ৰাজ্যিক আন্তঃজিলা ভাৰত্তোলন প্ৰতিযোগিতাত ধনশিৰি মহকুমাৰ মহিলা দলে শ্ৰেষ্ঠ দলৰ খিতাপ আজুৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিলে। বিশ্বনাথ জিলা ভাৰত্তোলন সন্থাৰ উদ্যোগত আৰু অসম অলিম্পিক সন্থাৰ সহযোগত চিনিয়ৰ, জুনিয়ৰ দুটা শাখাত অনুষ্ঠিত ভাৰত্তোলন প্ৰতিযোগিতাখনিৰ বিভিন্ন শিতানত ধনশিৰি মহকুমাৰ মহিলা দলটিয়ে কেইবাটাও পদক অৰ্জনেৰে শ্ৰেষ্ঠ মহিলা দলৰ খিতাপ আজুৰিবলৈ সক্ষম হয়। মুখ্য প্ৰশিক্ষক শান্তনু গগৈৰ তত্ত্বাৱধানত ধনশিৰি মহকুমাত এই মহিলা দলটিয়ে বহু দিনৰ পৰা ভাৰত্তোলনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। তেওঁলোকৰ সফলতাত প্ৰশিক্ষক শান্তনু গগৈৰ লগতে সকলো ক্ৰীড়া প্ৰেমি ৰাইজ গৌৰৱান্বিত হৈ পৰিছে। এই খিতাপৰ দ্বাৰা ধনশিৰি ভাৰত্তোলন মহিলা দল একেৰাহে ৮ বাৰলৈ শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হল। ২০১৪ চনৰ পৰাই এই মহিলা দলটিয়ে শ্ৰেষ্ঠতা অৰ্জন কৰি আহিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: