অসম

৫০০০ হাজাৰ টকাৰে আৰম্ভ কৰা নাৰ্চাৰী ফাৰ্ম এতিয়া ৭ লাখ টকাৰ গৰাকী

নাৰ্চাৰী ফ্ৰামৰ জৰিয়তে আৰ্থিকভাৱে সচ্ছল ঢকুৱাখনাৰ এজন উচ্চ শিক্ষিত যুৱক

সংবাদাতা, ঢকুৱাখনা:- এজন আত্মবিশ্বাসী আৰু কৰ্মদ্যমী যুৱক। ২০১০ চনত যুৱকজনে আৰম্ভণিতে লগৰীয়া পংকজ চেতিয়া আৰু লক্ষিপ্ৰসাদ দত্তৰ সৈতে ৫০০০ হাজাৰ টকাৰে আৰম্ভ কৰিছিল এখন ক্ষুদ্ৰ নাৰ্চাৰী ফাৰ্ম। প্ৰথম ৬-৭ বছৰলৈকে নাৰ্চাৰী ফাৰ্ম খুলি লোকচানৰ সন্মুখীন হৈছিল যদিও ধ্যৰ্য আৰু আত্মবিশ্বাসৰ বলত যুৱকজনে কিন্তু এই কামত হাৰ নামানিলে। পুনৰ তেওঁ ন-উদ্যমেৰে মনোনিবেশ কৰিলে নাৰ্চাৰী ফাৰ্মৰ উন্নয়নৰ কামত। যুৱকজনৰ নাম হৈছে ঢকুৱাখনাৰ বামুণ গাঁৱৰ নিবাসী ক্ষিৰোদ নেওগ। যি সময়ত ৰাজ্যত চাকৰি বিচাৰি হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা লোকে চাকৰি বিচাৰি হাবাথুঁৰি খাইছে তথা কৰ্মসূত্ৰে বহি:ৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে আকৌ অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰা ক্ষিৰোদ নেওগ নামৰ শিক্ষিত যুৱকজনে “আভা “ নামৰ নাৰ্চাৰী জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।

তেখেতৰ ফাৰ্মত সকলো ধৰণৰ মূল্যবান গছপুলি, ফল-মূল, ফুল তথা ঔষধি গছৰে ভৰি আছে। মাহেকত নাৰ্চাৰীৰ জৰিয়তে ১৫ ৰ পৰা ২০ হাজাৰকৈ টকা উপাৰ্জন কৰা এইজন যুৱকে ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে এই ফাৰ্মতে সুন্দৰকৈ সময়বোৰ অতিবাহিত কৰিছিল। নাৰ্চাৰী বিভাগত চৰকাৰৰ তৰফৰ পৰা অনুদান আগবঢ়াই যদিও আজিলৈকে তেওঁ কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত আক্ষেপ প্ৰকাশ কৰিছে। নাৰ্চাৰী ফাৰ্মৰ গৰাকীৰ লগতে তেওঁ সমাজত আছে এটা সুকীয়া পৰিচয়। তেওঁ এজন নাটক ভালপোৱা এজন দুড়ান্ত প্ৰেমিক। কলেজীয়া জীৱনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে তেওঁ ওতপ্ৰোত ভাৱে নাটক জগতখনত আগুৱাই যাবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। সঁচাকৈয়ে এইজন যুৱকৰ পৰা যুৱকসকলে আদৰ্শ হিচাপে আগবাঢ়ি গলে উন্নতি সাধন কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: