অসম

৬ বছৰে কাৰ্যক্ষম নহ’ল জলাহ গভীৰ নলী নাদ জলসিঞ্চন পানী উত্তোলক আঁচনি

সংবাদদাতা, টংলা : ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ অন্তৰ্গত জলাহ অঞ্চলত কৃষক ৰাইজৰ সুবিধাৰ্থে  গভীৰ নলী নাদ জলসিঞ্চন পানী উত্তোলক আঁচনিখন যোৱা ২৫ বছৰ আগতে ঘোষণা কৰা হৈছিল আৰু যোৱা ২০১৫ বৰ্ষত কাম আৰম্ভ কৰা

হৈছিল যদিও আজি ৬ বছৰে কাৰ্যক্ষম নহ’ল উক্ত আঁচনি। টংলা জলসিঞ্চন সংমণ্ডল অধীনত আৰম্ভ কৰা আঁচনি খন ইডুল হক নামৰ ঠিকাদাৰ এজনে কামৰ দায়িত্ব লৈছিল যদিও আধাতে কাম এৰি দিয়াত এৰাবাৰীত পৰিণত হৈছে আঁচনিখনৰ চৌহদ,

এতিয়া যাৰ বাবে খেতি কৰিবলৈ পানীৰ সমস্যাত ভুগিব লগা হৈছে কৃষক ৰাইজ। উক্ত অঞ্চলত খেতি কৰিবলৈ পানীৰ বহু অসুবিধা, পথাৰত বৰষুণৰ পানী অতি সোনকালে শুকাই যায় ফলত কৃষক ৰাইজৰ পানীত হাঁহ-নচৰা অৱস্থা হয়।

উক্ত আঁচনিখন কাৰ্যক্ষম হলে বাৰমাহে খেতিকৰিবলৈ নিশ্চিয় কৃষক ৰাইজৰ বাবে অতি উপকৃত হ’ব। এই ক্ষেত্ৰৰ অতি সোনকালে আঁচনিখনৰ কাম কাৰ্যক্ষম কৰিবলৈ জলসিঞ্চন বিভাগৰ  লগতে ঠিকাদাৰক দাবী জনায় অঞ্চলবাসী ৰাইজে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: