অসম

৯৪নং সৰুপথাৰ বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সংবাদদাতা, ধনশিৰি:- আজি ইংৰাজী ৫ জানুৱাৰী তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ০১/০১/২০২২ ভিত্তি বৰ্ষ হিচাপে লৈ ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰী জাভিৰ ৰাহুল সুৰেশৰ পৌৰাহিত্যত মহকুমাধিপতিৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত আনুষ্ঠানিকভাৱে এই চুড়ান্ত ভোটাৰ তালিকাখনি প্ৰকাশ কৰি উলিওৱা হয়। বিভিন্ন ৰাজনৈতিক দলৰ উপস্থিতিত অনুষ্ঠিত এই সভাতে সৰুপথাৰ সমষ্টিৰ নিৰ্বাচনী বিষয়া শ্ৰী কৃষাণ জ্যোতি ডেকায়ে অৱগত কৰে যে নতুন চুড়ান্ত ভোটাৰ তালিকা অনুসৰি ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,৬৭,৫৪৪ জন। ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১,৩৪,৭৯৬ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,৩২,৭৪৮ জন। এই সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত নতুনকৈ সংযোগ হোৱা ভোটাৰৰ সংখ্যা ৬,৬৭৬ জন। লগতে ৬,৫৯৭জন লোকৰ নাম কৰ্তন হয়। ৰাইজৰ পৰিদৰ্শনৰ বাবে এই ভোটাৰ তালিকা ধনশিৰি নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত ৰখাৰ উপৰিও সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ, বুধ পৰ্যায়ৰ বিষয়া আৰু সংশ্লিষ্ট ভোটকেন্দ্ৰ সমূহতো এই ভোটাৰ তালিকা যোগান ধৰা হৈছে বুলি জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: