অসম

ৰংকিমি অসমীয়া ই-আলোচনীলৈ লেখা আহ্বান

বৰ্তমান সমগ্ৰ দেশত বৈদ্যুতিক মাধ্যমত সাহিত্য চৰ্চাৰ সক্ৰিয় বৃদ্ধি হৈছে। ইয়াৰ সমান্তৰালকৈ অসমতো ইয়াৰ প্ৰভাৱ আমি বিগত বৰ্ষৰ পৰা অধিক সক্ৰিয় হোৱা দেখা পোৱা গৈছে। নৱ প্ৰজন্মৰ মাজত সাহিত্যক অধিক মজবুত কৰাৰ উদ্দেশ্যেৰে ৰংকিমি নামেৰে অসমীয়া ই-আলোচনী নৱ সংযোজন কৰা হৈছে।

আলোচনীখনি সুন্দৰ ৰূপত সজাই তুলিবৰ বাবে শ্ৰদ্ধাৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন, ড০ মৃদুল শৰ্মা, নীলিম কুমাৰ আৰু আনিছ উজ জামান মুখ্য উপদেষ্টা, কেশৱ কুমাৰ শইকীয়া জেপোলিন ৰাজকুমাৰী, ৰমেন দানহ উপদেষ্টা, মুখ্য সম্পাদক মনোজ বৈশ‍্য, সম্পাদক নিৰ শৰ্মা, দৃষ্টিৰূপা বৰদলৈ, সহঃ সম্পাদক বৰষা দাস, কৌস্তভ ভৰদ্বাজ, কাৰ্যবাহী সম্পাদক আশ্ৰমিকা বৰা, সম্পাদনা সহযোগী ৰিণ্টু কুৰ্মী, প্ৰণামিকা গগৈ, সাগৰিকা পাঠক,

নাং জিংকী কুকৈ, ঝৰ্ণালী প্ৰিয়দৰ্শিনী, প্ৰচাৰ সম্পাদক, দিপজ‍্যোতি বৰদলৈ, ৰাজেশ বৈশ‍্য, জেউতি কাশ‍্যপ, ৰাজশ্ৰী সেনাপতি গগৈ, বিশ্বজিৎ সূত, ভাস্কৰ জ‍্যোতি কুটুম, শিল্প-কলা- সহযোগী,গ্ৰীষ্মা শৰ্মা, পাৰ্লি পায়েল শইকীয়াৰ লগতে কেইবাজনো নবীন- প্ৰবীণ লেখক- কবিক লৈ এখন সম্পাদনা সমিতি গঠন কৰে। উক্ত আলোচনীখনী জুলাই- আগষ্ট মাহৰ সংখ্যা অহা জুলাই মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ কৰাৰ সিদ্ধান্ত সম্পাদনা সমিতি গ্ৰহণ কৰে।

সেয়েহে  আলোচনীখনৰ জুলাই- আগষ্ট মাহৰ সংখ্যাৰ বাবে ইচ্ছুক লেখক-লেখিকাই অহা ২৬ জুনৰ ভিতৰত প্ৰবন্ধ, উপন্যাস, গল্প, কবিতা, নীলা খামৰ চিঠি, কেৰিয়া সম্পৰ্কীয় লেখা, ভ্ৰমণ কাহিনী আৰু ৰেচিপি আদি লেখা ই-মেইল:- rangkimi2021@gmail.com আৰ হোৱাটচ্ এপ নং:- ৮০১১৭০২৩৪৮, ৮৬৩৮৪২৮০৭৮, ৭০০২৩৪১৭২৪ ত পঠিয়াব পাৰিব বুলি প্ৰচাৰ সম্পাদক ভাস্কৰ জ্যোতি কুটুমে জানিবলৈ দিয়ে। লেখাসমূহ মোবাইলত ডিটিপি কৰা আৰু চুটি হোৱা বাঞ্চনীয়। 

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: