অসম

ৰঙিয়াত একেদিনাই কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন ভবেশ কলিতাৰ

সংবাদদাতা,ৰঙিয়া:- আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া চহৰত লোকনিৰ্মাণ বিভাগ(পথৰ) উদ্যোগত অসম চৰকাৰৰ SOPD(G) আঁচনিৰ অধীনত ২০২১-২২ বৰ্ষৰ ৫ কোটি ৯৫ লাখ ৯ হাজাৰ টকা ব্যয় সাপেক্ষে পৰিদৰ্শন ভৱনৰ লগতে ৩ লাখ ৫৪ লাখ ৫২ হাজাৰ টকাৰ ব্যয় সাপেক্ষে উত্তৰ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডল আৰু ৰঙিয়া ক্ষেত্ৰীয় পথ উপ-সংমণ্ডলৰ নিৰ্মাণ হ’বলগীয়া কাৰ্যালয় ভৱনটো নৰূপেৰে সজাই তোলাৰ উদ্দেশ্যে আধাৰশিলা স্থাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। উক্ত অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে,ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,ৰঙিয়া মহকুমাৰ বিষয়ববীয়া সকল,লোক নিৰ্মাণ বিভাগৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় লোক আৰু দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে। আনহাতে আজিৰ দিনটো বৃহত্তৰ ৰঙিয়াবাসী ৰাইজৰ বাবে এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰে কলিতাই। ৰঙিয়া মহকুমাৰ অন্যতম উল্লেখযোগ্য প্ৰশাসনিক কাৰ্যালয় হৈছে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়। ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়টো নতুন ৰূপেৰে অত্যাধুনিক ভাৱে নিৰ্মাণ কৰাৰ উদ্দেশ্যে ষ্টেচন ফিডাৰৰোড, তিনিআলিৰ ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ চৌহদত সংহত ৰঙিয়া মহকুমাধিপতি(অ) কাৰ্যালয়ৰ প্ৰস্তাৱিত স্থানৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। উক্ত ঠাইত কাৰ্যালয়টো নিৰ্মাণ হৈ উঠিলে ৰঙিয়াবাসী ৰাইজৰ প্ৰশাসনিক বিভিন্ন কাম-কাজ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত সহজসাধ্য হৈ পৰিব বুলি মন্তব্য কৰে। এই কাৰ্য সম্ভৱপৰ কেৱল অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বাবে সম্ভৱপৰ হৈ উঠা বুলি জনাই তাৰবাবে বিধায়ক গৰাকীয়ে ৰঙিয়া মহকুমাবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ লগতে উপস্থিত দলীয় কাৰ্যকর্তাসকল আৰু স্থানীয় বহু সংখ্যক লোকৰ সৈতে একেলগে ৰঙিয়া তিনিআলিৰ পৰা ৰঙিয়া ‘হৰদত্ত-বীৰদত্ত ভৱন’ লৈ এক পদযাত্ৰাতো অংশ লয় বিধায়ক ভবেশ কলিতাই।

Show More

Leave a Reply

Your email address will not be published.

Back to top button