অসম

ৰঙিয়াৰ গাঁৱে-ভূঁঞে অভিযান কামৰূপ আৰক্ষী প্ৰশাসনৰ

সংবাদদাতা,ৰঙিয়া : কʼভিডৰ নতুন প্ৰটʼকল বলৱৎ কৰিবলৈ ব্যপক তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন।  কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু বিষয়া

আচিফ মহম্মদ হুচেইন,ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ সহযোগত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাস সহ আৰক্ষীৰ এক বৃহৎ দলে আজি দিনৰ ২ বজাৰ

পৰা ৰঙিয়া চহৰৰ মাজমজিয়াৰে তিনিআলি হৈ গোগমালাচা, বিহাপাৰা পুনৰ ষ্টেচন ৰোডৰ পৰা উদিয়ানা হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সামৰণি মাৰে। ৰঙিয়াৰ গাঁৱে-গাঁৱে অভিযান চলাই

প্ৰথমবাৰৰ বাবে নিয়মনমনা লোক সকলক বুজনি দিয়া দেখা যায়। আনহাতে এই অভিযান কালত একাংশ অসচেতন লোকে দোকান পোহাৰ খুলি ৰখা পৰিলক্ষিত হয়, একাংশ মাস্ক

পৰিধান নকৰা লোকক বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ ওপৰিও অভিযান কালত ৰঙিয়াৰ নিকটৱৰ্তী উদিয়ানা কাদিমী মছজিদৰ ইমামক সাক্ষাৎ কৰি ঘৰে ঘৰে ঈদৰ নামাজ আদায়

কৰাৰ বাবে আহ্বান জনায়। কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক গৰাকীয়ে। অহাকালিৰ পৰা অধিক কঠোৰ হʼব বুলি ঘোষণা কৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: