অসম

ৰঙিয়াৰ যুৱ শিক্ষক ৰেকিব আহমেদৰ প্ৰশংসনীয় পদক্ষেপ

সংবাদদাতা, ৰঙিয়া : কৰ’না মহামাৰীৰ বিভিষিকাই সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহক বিভিন্ন ধৰণে ক্ষতি কৰিছে। এই সময়চোৱাত বেছি ক্ষতিগ্রস্ত হৈছে সমাজৰ নিম্ন মধ্যবিত্ত তথা দৰিদ্ৰ শ্ৰেণীৰ লোকসকল, একাংশৰ জীৱনলৈ চৰম ভাবুকি নামি আহিছে, মানুহৰ মাজত খাদ্য সামগ্ৰীৰ নাটনিৰ লগতে বেমাৰ-আজাৰ থকা সকলৰ বাবে

ঔষধ-পাতি ক্ৰয় কৰিবলৈ অৰ্থৰ নাটনিয়ে দেখা দিছে। মূল্যবৃদ্ধিয়েও সকলোকে মাধমাৰ সোধাইছে , তেনে ক্ষেত্ৰত আমাৰ আপোন সমাজখনৰ এক তৃতীয়াংশতকৈয়ো অধিক মানুহ যিসকলে দিন হাজিৰা কৰি নিজৰ মজুৰি মোকোলাই নিজৰ পৰিয়ালক পোহপাল দিয়ে, তেওঁলোকৰ বিলৈ এই সময়খিনিত পানীত হাঁহ নচৰা অৱস্থা।

এই সময়ছোৱাতে ৰঙিয়াৰ ব্যক্তিগত কোটচিং চেন্টাৰ ‘ব্ৰাইটেও’ এক নতুন পদক্ষেপেৰে দুৰ্গত সকলক সহায় কৰাৰ মানসেৰে তেওঁলোকৰ কাষত থিয় দিছে। প্ৰথম পদক্ষেপ হিচাপে শিক্ষানুষ্ঠানটোৰ তৰফৰ পৰা এতিয়ালৈকে প্ৰায় ২১ টা পৰিয়ালক ঔষধ কিনাৰ উদ্দেশ্যে ৫০০ টকাকৈ নগদ ধন আগবঢ়াই,

লগতে পদপথত নিশা কটোৱা লোক সকলক খাদ্য যোগান ধৰে আৰু দুজনলোকৰ চিকিৎসাও কৰাই। শিক্ষানুষ্ঠানটোৰ স্বত্বাধিকাৰী ৰেকিব আহমেদে তেওঁৰ অনুগত ছাত্ৰ-ছাত্ৰী সকলক লগত লৈ অনাগত দিনত আৰু কিছু লোকক আৰ্থিকভাৱে সহায় কৰাৰ বাবে পৰিকল্পনা কৰিছে। লগতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰী সকলৰ

সাধ্যানুসৰি পঢ়াৰ দায়িত্বও বহন কৰিব বুলিও জনাই।প্ৰতিষ্ঠানটোৰ ফালৰ পৰা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সহায়ৰ উদ্দেশ্যে ‘ব্ৰাইট-দিগন্তত আস্তীৰ্ণ ৰ’দালি’ নামৰ এটি ফেচবুক পেইজো মুকলি কৰে। ৰঙিয়াৰ উচ্চ শিক্ষিত যুৱক তথা ব্ৰাইট কোটচিং চেন্টাৰৰ স্বত্তাধিকাৰী ৰেকিব আহমেদৰ এই মহানুভৱতাৰ সকলোৱে শলাগ লৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: