অসম

ৰঙিয়াত ইউক্লিড গ্ৰুপৰ প্ৰতিভা সন্ধানী পৰীক্ষা

সংবাদদাতা, ৰঙিয়া:- পোনপ্ৰথমবাৰৰ বাবে ৰঙিয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনচ এ আয়োজন কৰিব ওলাইছে ছাত্ৰছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে Euclid Aptitude Test (EAT) 2022 । অহা ২৭ ফেব্ৰুৱাৰী দেওবাৰে দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ বাবে ৭ খন জিলা ক্ৰমে কামৰূপ,নলবাৰী, তামুলপুৰ,বাক্সা, বৰপেটা,ওদালগুৰি আৰু দৰং জিলা সামৰি অনুষ্ঠিত হবলগীয়া পৰীক্ষাটিত সম্পূৰ্ণ সহযোগ আগবঢ়াইছে ব্ৰাইট কোচিং চেন্টাৰে,যি কোচিংৰ পৰা ৰঙিয়াত এতিয়ালে সৰ্বাধিক NEET/JEE পাবলৈ সক্ষম হৈছে। গ্ৰুপৰ চেয়াৰমেন উজ্জ্বল ডেকা আৰু ইনষ্টিটিউচনচ্‌ৰ অধ্যক্ষ ৰেকিব আহমেদে জনোৱা অনুসৰি এই পৰীক্ষাত প্ৰথম বিজয়ী প্ৰাৰ্থীগৰাকীক নগদ ৭০ হাজাৰ টকা আৰু দ্বিতীয়ৰ পৰা পঞ্চদশ স্হানলৈ নগদ ধনৰ লগতে আকৰ্ষণীয় পুৰস্কাৰ আৰু ট্ৰফীৰে সন্মানিত কৰা হব বুলি জানিব দিয়ে।ইয়াৰোপৰি শিক্ষানুষ্ঠানটোৱে এই বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা সকলোৰ বাবে NEET/JEE ৰ কোটচিংৰ লগতে নিজাববীয়াকৈ হোষ্টেলৰ সুবিধাও আগবঢ়াব বুলিও জানিবলৈ দি এই পৰীক্ষাৰ বাবে ছাত্ৰছাত্ৰী সকলক www.egirangia.co.in ত গৈ registration আৰু ৮৮৭৬০২৩২২৭, ৮১৩৪০১১৮১৮ ত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়৷ৰঙিয়া খনক এক শৈক্ষিক নগৰী হিচাপে গঢ়ি তুলিবলৈ ইউক্লিড গ্ৰুপে লৈ অহা বিভিন্ন পদক্ষেপক ৰঙিয়াবাসী ৰাইজে প্ৰশংসা কৰাৰ উপৰিও গৌৰৱ অনুভৱ কৰিছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button