অসম

ৰঙিয়াত জব্দকৃত ট্ৰাকত নিশা অগ্নিসংযোগ দুৰ্বৃত্তৰ

সংবাদদাতা, ৰঙিয়া:- ৰঙিয়া থানাৰ সন্মুখত মঙলবাৰে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিছিল এখন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক। প্ৰায় দুশ কাৰ্টন অৰুণাচলী সুৰা আছিল উক্ত ট্ৰাকখনত। নিশা কোনো দূৰ্বৃত্তই ট্ৰাকখনত অগ্নিসংযোগ কৰে। যাৰ ফলত ট্ৰাকখনৰ আগফালটো সম্পূৰ্ণ জ্বলি যায়। ট্ৰাকখনৰ নম্বৰ আছিল RJ-23-GA-2141। কিন্তু কোনে কি কাৰণত ট্ৰাকখনত অগ্নিসংযোগ কৰি থৈ গ’ল তাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। ইফালে থানাৰ সন্মুখত থকা CCTV বোৰ ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। ৰঙিয়া থানাৰ সন্মুখতেই সংঘটিত হোৱা এই ঘটনাই সৃষ্টি কৰিছে ঘন ৰহস্যৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: