ৰঙিয়াত তীব্ৰ হাৰত বৃদ্ধি হৈছে ক’ৰনাক্ৰান্তৰ সংখ্যা

সংবাদদাতা, ৰঙিয়া:- কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত তীব্ৰ হাৰত বৃদ্ধি হৈছে ক’ৰনা ৰোগীৰ সংখ্যা। শেহতীয়াভাবে ৰঙিয়া ষ্টেট বেঙ্ককে ধৰি কেইবাটাও চৰকাৰী কাৰ্য্যালয়ৰ কৰ্মচাৰী ক’ৰনাত আক্ৰান্ত হৈছে। এই পৰিপ্ৰেক্ষিতত কেইবাখনো বিদ্যালয়ৰ পাঠদান কাৰ্য্যসূচী বাতিল কৰা হৈছে। আনকি হ’বলগীয়া পৰীক্ষাসমূহ অনলাইন ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। ইফালে ৰঙিয়াৰ দুখনকৈ স্বাস্থ্য কেন্দ্ৰত অব্যহত থকা কভিত পৰীক্ষাত পুৰ্বতকৈ তীব্ৰ হাৰত দৈনিক বৃদ্ধি পাবলৈ লৈছে কভিত পজিটিভ ব্যক্তিৰ সংখ্যা। গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে ৰঙিয়া মহকুমাৰ অধিকাংশ পৰিয়ালতে সাধাৰণভাবে কাহ, জ্বৰ, চৰ্দি আদি বেমাৰত পৰা পৰিলক্ষিত হৈছে। এনেদৰে জ্বৰত আক্ৰান্ত হোৱা অধিকাংশ ব্যক্তিয়ে কোভিদ পৰীক্ষা নকৰি বিভিন্ন ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিছে। কোভিদত আক্ৰান্ত হোৱাৰ ভয়তে হওক বা অন্য কাৰণতে হওক এনেদৰে নিজাববীয়াকৈ চিকিৎসা কৰা বিষয়টোৱে অধিক চিন্তাৰ কাৰণ হৈ পৰিছে। কোভিদৰ দ্ৰুতহাৰত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া অসামৰীক চিকিৎসালয়ত স্বাস্থ্য বিভাগে কোভিদ পৰীক্ষাৰ বাবে অহা ৰোগী তথা সাধাৰণ ব্যক্তি সকলৰ বাবে সু-ব্যৱস্থা কৰিছে। চিকিৎসা বিভাগে পেণ্ডেল আদি সজাই কোভিদ পৰীক্ষাৰ বাবে অহা ব্যক্তি সকলক সুবিধা প্ৰদান কৰা পৰীক্ষাত হৈছে। ইয়াকেলৈ স্বাস্থ্য বিভাগৰ লগতে সচেতন ব্যক্তিসকল চিন্তিত হৈ পৰিছে।