অসম

ৰঙিয়াত দহজনক মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ

সংবাদদাতা, ৰঙিয়া:- বুধবাৰে নিশা ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপৰ টেটেলিগুৰীৰ পৰা আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা এগৰাকী অন্ধ্ৰপ্ৰদেশৰ কিশোৰ আৰু এগৰাকী মহিলাসহ মুঠ ১০ গৰাকীকৈ শ্ৰমিক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে আটাইকেইজনকে এটা ঘৰত আৱদ্ধ কৰি থৈছিল সৰবৰাহকাৰীয়ে। আনহাতে এইসকল শ্ৰমিকক ৰঙিয়াৰ বিভিন্ন কোম্পানীত কাম দিয়াৰ প্ৰলোভনেৰে লৈ অনা হৈছিল যদিও সৰবৰাহকাৰীয়ে গোপনে কাশ্মীৰলৈ নিয়াৰহে পৰিকল্পনা কৰিছিল। ইয়াৰ লগত জড়িত মূল সৰবৰাহকাৰী চক্ৰটো আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে। উল্লেখ্য যে পূৰ্বেও কেইবাবাৰো উক্ত অঞ্চলৰ পৰা আৰক্ষীয়ে মানৱ সৰবৰাহৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰিছিল কেবাজনো সৰবৰাহকাৰীক। ইয়াৰ পিছতো পুনৰ মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা দহ গৰাকীকৈ শ্ৰমিক উদ্ধাৰ হোৱা ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button