অসম

ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

যৌতুকৰ বাবে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ

সংবাদদাতা, ৰঙিয়া:- যোৱা বৃহস্পতিবাৰে নিশা ৰঙিয়াৰ নিকটৱৰ্তী তৰণী গাৱত এজনী বোৱাৰীয়ে নিজ শহুৰেকৰ ঘৰত আত্মহত্যা কৰে। ইতিমধ্যেই এই খবৰ বিয়পি পৰাৰ লগে-লগে যুৱতী গৰাকীৰ পৰিয়ালৰ মাজত এক হুৱা দুৱা লাগে। যৌতুকৰ বাবে যুৱতী গৰাকীক হত্যা কৰাৰ সন্দেহ দুৰ্ভগীয়া পৰিয়ালটোৰ। প্ৰাপ্ত তথ্য অনুসৰি ৰঙিয়াৰ নিকটৱৰ্তী তৰণী গাৱৰ মোহন কলিতাৰ দ্বিতীয় কন্যা

দ্বীপাঞ্জলী কলিতাই নিজ ইচ্ছা অনুসৰি ছমাহ পূৰ্বে একে গাৱৰে সঞ্জীৱ কলিতা নামৰ যুৱক এজনৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু বিবাহৰ কিছুদিন পিছতে যুৱকজনৰ পৰিয়ালটোৱে যৌতুকৰ বাবে যুৱতী গৰাকীক শাৰীৰিক আৰু মানসিক ভাৱে হাৰাশাস্তি কৰি আহিছিল বুলি জানিবলৈ দিয়ে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে। আনহাতে যৌতুকৰ বাবে যুৱতী গৰাকীক হত্যা কৰাৰ সন্দেহ দুৰ্ভগীয়া পৰিয়ালটোৰ।

পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিজ ঘৰৰ পৰা মৃত বোৱাৰী গৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰে। আনহাতে যুৱতী গৰাকীৰ মৃতদেহটো ৰঙিয়া থানালৈ লৈ যায় পিছত মৰণোত্বৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। শেষত যুৱতী গৰাকীৰ পিতৃ মাতৃয়ে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে দাবী জনাই আৰক্ষীক।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: