অসম

ৰঙিয়াত সৰস্বতী বন্দনাৰে মুখৰিত শিক্ষানুষ্ঠান তথা আদালতৰ চৌহদ

সংবাদদাতা, ৰঙিয়া:- শনিবাৰে ৰাজ্যজুৰি উদযাপন হ’ল বিদ্যাৰ অধিস্থাত্ৰী দেৱী সৰস্বতী পূজা। সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো উলহ-মালহেৰে বিদ্যাৰ আৰাধ্য দেৱী সৰস্বতীক শিক্ষাৰ্থীসকলে আৰাধনা কৰিছে। বিদ্যালয়, মহাবিদ্যালয় অথবা আন আন শিক্ষানুস্থান সমূহতো উদযাপন কৰা হৈছে সৰস্বতী পূজা। সমান্তৰালকৈ ৰঙিয়াৰ সমীপৱৰ্তী পূব ৰঙিয়া হাইস্কুলত পূৰ্বৰ দৰে এইবাৰো সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে প্ৰতিমা স্থাপন কৰি ৰাজ্য চৰকাৰৰ কোভিড প্ৰট’কল মানি বিদ্যালয় কৰ্তৃপক্ষই অনুষ্ঠিত কৰিছে সৰস্বতী পূজা। উল্লেখযোগ্য যে কিনকিনিয়া বৰষুণকো নেওচি শিক্ষাৰ্থী সকলে হাড় কঁপোৱা জাৰৰ মাজতে উলহ-মালহৰে সৰস্বতী দেৱীৰ চৰণত ভবিষ্যত মঙ্গলৰ হকে আশিষ লয়। আজিৰ সৰস্বতী পূজাৰ এই বিশেষ দিনটোত অনান্য শিক্ষানুস্থানৰ সমান্তৰালকৈ পূব ৰঙিয়া হাইস্কুলত যথেষ্ট শিক্ষাৰ্থী তথা অভিভাৱকৰ সমাগম পৰিলক্ষিত হোৱাত সকলোকে আদৰিবলৈ ব্যস্ত হৈ পৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক আনোৱাৰ হুচেইন, শিক্ষক ৰাহুল দলৈ, শিক্ষয়িত্ৰী ববিতা কলিতা, বৰেন নাথ, বৈকুণ্ঠ কুমাৰ নাথ, নুৰুল ইছলাম দিপুল কলিতা প্ৰমুখ্যে বিদ্যালয় কৰ্তৃপক্ষই। আনহাতে প্ৰতিবছৰৰ দৰে এইবাৰো ৰঙিয়া ন্যায়িক দণ্ডাধীশ আদালত চৌহদত অধিবক্তা সমাজেও উলহ-মালহেৰে উদযাপন কৰে সৰস্বতী পূজা। পূজা উপলক্ষে জেষ্ঠ অধিবক্তা প্ৰতাপ কুমাৰ শৰ্মা, হীৰণ্য কুমাৰ চৌধুৰী, ৰঙিয়া উকীল সন্থাৰ সভাপতি গৌতম কুমাৰ চৌধুৰী প্ৰমুখ্যে কনিষ্ঠ অধিবক্তা সকল উপস্থিত থাকি দেৱী সৰস্বতীৰ আশিস লয়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button