অসম

ৰঙিয়াত ৰাইজমেলৰ বছৰেকীয়া উৎসৱ

অসমৰ কৃষক বিদ্ৰোহক সোঁৱৰণ সাংসদ ভুৱনেশ্বৰ কলিতাৰ

সংবাদদাতা, ৰঙিয়া:- অসমৰ কৃষক বিদ্ৰোহক সোৱৰণ কৰি বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও ৰঙিয়া ৰাইজমেলৰ বাৰ্ষিক অনুষ্ঠান উদযাপন কৰা হয়। ১৮৯৪ চনত ইংৰাজ সকলৰ লগত যুঁজঁ দি অসমৰ যি হেজাৰ হেজাৰ কৃষক ঘূণীয়া হৈছিল আৰু ১২জনকৈ কৃষক শ্বহীদে ইংৰাজৰ গুলি বুকুপাতি লৈছিল, সেই কৃষক সকলৰ মহান ত্যাগক স্মৰণ কৰি আজি ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত ৰাইজমেলৰ বছৰেকীয়া সভাত উপস্থিত থাকি এনেদৰে বক্তব্য দাঙি ধৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই। লগতে সাংসদ কলিতাই শ্বহীদ সকলৰ স্মৃতিক শ্ৰদ্ধাৰে সোৱৰে। আনহাতে সভাত উপস্থিত থাকি শ্বহীদ কৃষক সকলৰ মহান বলিদানক স্মৰণ কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতা, সাংস্কৃতিক পেঞ্চনাৰ নৰেন্দ্ৰ শৰ্মা, বেচৰকাৰী সংস্থা সাধনাৰ সঞ্চালক জ্যোতিষ কলিতা প্ৰমুখ্যে বাৰ্ষিক অনুষ্ঠানটোৰ বিষয়ববীয়াসকলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: