অসম

ৰঙিয়াৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা উমেশ কলিতাৰ দেহাৱসান

সংবাদদাতা, ৰঙিয়া: ৰঙিয়াৰ বিশিষ্ট সমাজসেৱী তথা ৰাজনৈতিক ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত উমেশ কলিতা আৰু নাই। বুধবাৰে সন্ধিয়া ৬ বাজি ৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে জেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে। প্ৰয়াত উমেশ কলিতা দলীয় বিভিন্ন বিষয়বাবৰ উপৰিও আঞ্চলিক সদস্য, ৰঙিয়া মহকুমা পৰিষদৰ

সভাপতি, জিলা পৰিষদৰ সদস্য হৈ কামৰূপ জিলা পৰিষদৰ উপ সভাপতি, কামৰূপ জিলা কংগ্ৰেছৰ উপসভাপতি আছিল। ইয়াৰ উপৰিও ১৯৯৬ চনত ৰঙিয়া বিধানসভা সমষ্টিত নিৰ্বাচনতো প্ৰতিনিধিত্ব কৰিছিল। লগতে মধুকুচি সমবায় সমিতিৰ কেবাবছৰো সভাপতি দিপ্তেশ্বৰি হৰিমন্দিৰৰ সু-দিৰ্ঘ ২৫ বছৰ সভাপতি হৈ

আছিল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল উমেশ কলিতা। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰঙিয়াৰ সছেতন মহল তথা কংগ্ৰেছৰ বিভিন্ন নেতা কৰ্মীয়ে। অৱশেষত বৃহস্পতি বাৰে ৰঙিয়া প্ৰগতি সংঘ, শিৱ মন্দিৰ আৰু কংগ্ৰেছ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: