অসম

ৰঙিয়াৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

নগদ পাঁচলাখকৈ টকালৈ উধাও

সংবাদদাতা, ৰঙিয়া:– ৰঙিয়া চহৰৰ মাজমজিয়াত অৱস্থিত ভাৰতীয় ষ্টেট বেঙ্কৰ ৰঙিয়া শাখাৰ পৰা শৰৎ চন্দ্ৰ দাস নামৰ লোক এজনে উলিয়াই আনিছিল নগদ পাঁচলাখকৈ টকা। পিছফালৰ পৰা পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই প্ৰথমে লোকজনক প্ৰচণ্ড যোৰে তেওঁ গৈ থকা দুচকীয়া বাহনখনত খুন্দিয়াই, আৰু মুহূৰ্তৰ ভিতৰতে লোকজনৰ লগত থকা নগদ পাঁচলাখকৈ টকাৰ বেগ এখন লৈ উধাও হয়। ভুক্তভোগী শৰৎ চন্দ্ৰ দাস গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। জানিবপৰামতে ৰঙিয়াৰ GKK নামৰ ইটাভাটা এটাৰ মেনেজাৰৰূপে কৰ্মৰত আছিল শৰৎ চন্দ্ৰ দাস। ঘটনাস্থলীত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীবিষয়া ভাস্কৰ মল্ল পাটোৱাৰী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে কিছুদিন পূৰ্বেও একেঠাইৰ পৰা পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই বাইকৰ বাকচ ভাঙি এগৰাকী শিক্ষকৰ পৰা ডেৰলাখকৈ টকা লুটি নিয়াৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হোৱাৰ লগতে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছিল, কিন্তু আৰক্ষীয়ে আজিলৈকে দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম নহ’ল। দিনদুপৰতে চহৰৰ মাজমজিয়াত প্ৰায়ে এইধৰণৰ ঘটনা সংঘটিত হোৱাত ৰাইজ শংকিত হৈ পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: