অসম

ৰঙিয়াৰ ৩য় শ্ৰেণীৰ ছাত্ৰী সম্ভৱালৈ ৰাষ্ট্ৰীয় সন্মান

সংবাদদাতা, ৰঙিয়া:- ৰঙিয়াৰ চাপনীয়া নিবাসী শিক্ষক উজ্জ্বল ডেকা আৰু প্ৰৱক্তা দিপাঞ্জলী দাসৰ একমাত্ৰ কন্যা মডাৰ্ণ ইংলিছ স্কুলৰ ৩য় শ্ৰেণীৰ মেধাবী ছাত্ৰী সম্ভৱা কাশ্যপে(কুঁহি) ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্লোবেল কিডচ্‌ এচিভাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। প্ৰাথমিক শ্ৰেণীৰ পৰা ৩য় মানলৈ একেৰাহে শৈক্ষিক দিশত উচ্চ শতাংশ বজাই ৰখাত সক্ষম হোৱা বাবে সম্ভৱালৈ এই সন্মান আগবঢ়োৱা হয়। অষ্ট্ৰেলিয়া, আমেৰিকা, কানাডাকে ধৰি দেশৰ ১৫০ গৰাকী ছাত্ৰছাত্ৰীক বিভিন্ন শিতানত পাৰদৰ্শিতা দেখুওৱাৰ বাবে এই সন্মান আগবঢ়াইছে দিল্লীস্থিত এক যুৱ সংগঠনে।

ক’ভিড প্ৰট’কলৰ বাবে কোৰিয়াৰ যোগে প্ৰেৰণ কৰা সংগঠনৰ হৈ এই বঁটা আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত কৈলাস শৰ্মা দেৱে। ইয়াৰ আগতেওঁ সম্ভৱাই ৰাষ্ট্ৰীয় পৰ্যায়ত মনিকৰ্ণিকা আৰ্ট গেলেৰীত নিজৰ কলা প্ৰদৰ্শনেৰে ৰঙিয়াৰ পৰা নাম অন্তৰ্ভুক্ত কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। নৃত্য, গীত, কুইজ আদি বিভিন্ন প্ৰতিযোগিতাত পুৰস্কৃত সম্ভৱাই ছবি আকি আটাইতকৈ বেছি ভাল পায়। আজি সম্ভৱাৰ এই সাফল্যত পৰিয়ালৰ উপৰিও ৰঙিয়া বাসী ৰাইজে গৌৰৱ অনুভৱ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: