অসম

ৰঙিয়া ন্যায়িক দণ্ডাধীশ আদালত চৌহদত নৱবৰ্ষৰ প্ৰাকক্ষণত উদুলি-মুদুলি পৰিৱেশ

সংবাদদাতা, ৰঙিয়া:- বছৰটোৰ শেষৰ দিনটোত ৰঙিয়াৰ অধিবক্তা সকলে নিজৰ গাম্ভীৰ্য্যপূৰ্ণ কাম-কাজৰ মাজতেই প্ৰতিবছৰৰ দৰে এইবেলিও তিনিদিনীয়াকৈ আয়োজন কৰা বিভিন্ন খেল-ধেমালিৰ অন্ততঃ সাধাৰণ সভা আৰু বঁটাবিতৰণীণ সভা অনুষ্ঠিত কৰাৰ ওপৰিও গীতে-মাতে এটি দিন উপভোগ কৰে। মূলত দণ্ডাধীশ আৰু অধিবক্তা সকলৰ মাজৰ দূৰত্ব কমাই এক সুন্দৰ ন্যায় ব্যৱস্থা প্ৰতিষ্ঠিত হোৱাৰ স্বাৰ্থতেই ৰঙিয়াৰ অধিবক্তা সমাজে এই ধৰণে বিভিন্ন অনুষ্ঠান আয়োজন কৰি অহা বুলি জানিবলৈ দিয়ে।অনুষ্ঠানৰ শেষত বিজয়ী অধিবক্তা সকলৰ মাজত বটাঁ বিতৰণ কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: