বিনোদন

ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ শুভ নাট্যাৰম্ভ

ৰমেন কলিতা: – নাট্যপ্ৰেমী ৰাইজৰ শুভাশিস বিচাৰি ১০ ছেপ্টেম্বৰ শুক্ৰবাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ। যাত্ৰা জগতৰ অদ্বিতীয় নাট্যদল ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে ইতিমধ্যেই সফলতাৰে তিনিটা বছৰ পাৰ কৰাৰ পিছত চতুৰ্থ বৰ্ষৰ বাবে ব্যতিক্ৰমী চিন্তাৰে দুখন মৌলিক নাট লৈ সাজু হৈছে। বৰপেটা জিলাৰ সৰ্থেবাৰীত জন্মলাভ কৰা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ শুভ নাট্যৰাম্ভ অনুষ্ঠানত আখৰাগৃহত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিল্পী, বৰ-পাঠক মৃগেন পাঠক ডাঙৰীয়াই লগতে আখৰা গৃহ মুকলি কৰে বিশিষ্ট গৱেষক পণ্ডিত তথা কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই। আৰু ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ চতুৰ্থ বৰ্ষৰ মুখ্য বেনাৰ উন্মোচন কৰে শিল্পী পেন্সনাৰ উমেশ দত্তই। গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত এই অনুষ্ঠানত সভাপতিত্ব কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে। এই অনুষ্ঠানতে চতুৰ্থ বৰ্ষৰ বাবে পৰিবেশন কৰিবলৈ লোৱা “অৱতাৰ” আৰু “অজলা ককাই” নাট দুখনৰ পাণ্ডুলিপি মুকলি কৰে অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ আৰু বিশিষ্ট সমাজকৰ্মী বাণীকান্ত ভূঞাই। নটৰাজৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে চক্ৰ বিষয়া ত্ৰিদিৱ কোঁৱৰে আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বাপুজী মহাবিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক তথা কণ্ঠশিল্পী পৰেশ ভূঞাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ প্ৰদীপ শইকীয়া। অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ দাস, ৰবিউল হুছেইন সহ কেইবাজনো লোক উপস্থিত থাকে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰ আৰু প্ৰযোজক পি যে প্ৰিন্সে আত ধৰা অনুষ্ঠানত দেখিবলৈ পোৱা গল এক নান্দনিক পৰিবেশ উল্লেখ যে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলত এইবাৰ অভিনয় কৰিব অভিনেতা কেশৱ ডেকা, অচ্যুত পাটোৱাৰী, কমল ৰঞ্জন কাশ্যপ, জয়ন্ত বৰ্মন, সুমন ভৰদ্বাজ, অবিনাশ লহকৰ অভিনেত্ৰী ববী পৰ্ণা, হিমাক্ষী নূপুৰ দাস আৰু দময়ন্তী দাসে। আনহাতে নৃত্য শিল্পী হিচাপে থাকিব ৰক্তিম তালুকদাৰ, মনজিত বৰ্মন আৰু অবিনাশ লহকৰ। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সংগীত আৰু নাট পৰিচালনা কৰিব পি জে প্ৰিন্স আৰু সুমন ভৰদ্বাজে তদুপৰি নৃত্য পৰিচালনা কৰিব ৰাকেশ বড়োৱে আৰু পোহৰ কুলেন দাসৰ। শুভ নাট্যৰাম্ভৰ শুভক্ষণত সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে নাট্যদলটোৰ প্ৰযোজক শিল্পী কলাকুশলী সকলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: