ৰাজনীতিৰ লিমাৰিক | Super 100

বিভিন্ন উৎসৰ পৰা সংগৃহীত কেইটামান ৰাজনীতিৰ লিমাৰিক :

(১)
নালাগে মোক ১৫ লাখ টকা
নালাগে মোক অইন কিছুমান আশা
হাত ভৰি আছে
মগজু আছে
উন্নতিৰ বাবে এই তিনিটাই হ’ব মোৰ ভৰসা ।


(২)
মন্ত্ৰী বিধায়কৰ মন বুজা টান
ক্ষমতাত থাকোতেই কৰি লয় ধন ধান
য’তে-ত’তে ঘৰ-বাৰী
ডাঙৰ ডাঙৰ গাড়ী
সভাত ভাষণ দিয়ে সকলো সমান৷


(৩)
হাঁহি উঠে দেখিলে ৰাজনীতিকৰ ভেশ
কি পাব উত্তৰ পুৰুষে এই নীচ পৰিৱেশ
ৰাইজক কি বিলাব
নিজলৈকে নাটিব
আভুৱা ভাৰি ৰাইজক ফুটাই হাঁহিৰ ৰেশ৷


(৪)
ভাৰতত এতিয়া গণতন্ত্ৰ নাই আছে ধনতন্ত্ৰ
পুঁজিপতিয়েহে চলায় ভাৰতৰ শাসনযন্ত্ৰ
এয়াই স্বাধীন দেশৰ স্বৰূপ
নেতাজীৰ অভাৱ বাৰুকৈ অনুভৱ হৈছে সেয়া ধূৰূপ
চিষ্টেম সলনি হ’লেহে দেশৰ উন্নতি হ’ব জানি ল আমোঘ মন্ত্ৰ ।


(৫)
কংগ্ৰেছ, বিজেপি, ইউ ডি এফ আৰু আছে বহু ৰাজনৈতিক দল
ইলেকচন আহিলে গাত তত হৰে যেন আহিছে ভাদমহীয়া বানপানীৰ ঢল
চল চাই কঠীয়া পাৰে
সাধাৰণ ৰাইজক আভুৱা ভাৰে
ভোট ভিক্ষা কৰি ফুৰে বিলাই সুতা কম্বল।


(৬)
মিটিঙত লেকচাৰ মাৰি ফালি দিছো কোৱাৰি
তথাপিও এইবেলি যাম নেকি হাৰি
বিপক্ষ জোৰদাৰ
ৰাইজো হৈছে চমজদাৰ
একেখিনি ডায়লগেৰে কিমাননো আৰু পাৰি।


(৭)
আঁচনিবোৰ নতুন নতুন সমস্যাবোৰ অ’ল্ড
হাঁহি পিছে কিনো চাবা চেন্ট পাৰচেন্ট গ’ল্ড
অসম হ’লগৈ সমস্যালেণ্ড
ডেট ইজ অলছ’ ইম্পৰটেন্ট
চি এম ছাৰক বেটিং কৰাই অসমবাসী ব’ল্ড।


(৮)
অ’ নেতা অ’ নেতা আমাক নোচোৱা কিয়
নিৰ্বাচন যে পাৰ হৈ গ’ল মইনো চাম কিয়
আপদীয়া মানুহজাক
ক’ত মৰ মৰি থাক
এনজয় কৰাৰ টাইমত ডিষ্টাৰ্ব কৰ কিয়।

লিমাৰিকৰ বৈশিষ্ট্যলিমাৰিক কবিতাপ্ৰেমৰ লিমাৰিক
খুহুতীয়া লিমাৰিকৰাজনীতিৰ লিমাৰিক
Back to top button
%d bloggers like this: