অসম

ৰাজ্যত অব্যাহত মানৱ সৰবৰাহ : ৰঙিয়া ৰে’ল জংচনত ১৫ গৰাকীক উদ্ধাৰ

সংবাদদাতা, ৰঙিয়া:- কাল কৰʼনাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৰাজ্যত একাংশই চলাই গৈছে অবৈধ কাৰ্যকলাপ। বহি:ৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে ১৫ জনকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীক নিবলৈ ওলোৱাৰ সময়তে ৰঙিয়া RPF ৰ উপ-পৰিদৰ্শক ইছমাইল আলীৰ নেতৃত্বত যোৱা তহলদাৰী দল এটাই মঙ্গলবাৰে ৰঙিয়া ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱক-যুৱতী কেইগৰাকীক মুম্বাইৰ মাছ কোম্পানীত

কাম দিয়াৰ প্ৰলোভনেৰে লৈ অনা চাবিনা নায়ক নামৰ এগৰাকী মহিলাকো আৰক্ষীয়ে আটক কৰে। শোণিতপুৰ জিলাৰ তেজপুৰ ,ৰঙাপাৰা,বিন্দুগুৰী আদি বিভিন্ন অঞ্চলৰ পৰা লৈ অনা হৈছিল এইসকল আদিবাসী যুৱক-যুৱতীক। নামনিমুৱা লোকমান্য তিলক ট্ৰেইনযোগে মুম্বাইলৈ যোৱাৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা যুৱতী কেইগৰাকীৰ মাজত চাৰিগৰাকীকৈ ১৮ বছৰৰ তলৰ কিশোৰীও আছে।

ইতিমধ্যেই ৰঙিয়া GRP য়ে IPC ৰ ধাৰা 370/371 ৰ অধীনত 13/2021 নম্বৰৰ এটি কেছ ৰুজু কৰি ৰঙিয়া ন্যয়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই। পৰৱৰ্তী পৰ্যায়ত ঘটনাৰ লগত জড়িত চাবিনা নায়ক নামৰ মহিলাগৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰে। এই ঘটনাই প্ৰমাণ কৰে যে ৰাজ্যত মানবসৰবৰাহকাৰীৰ এটা চক্ৰই কিদৰে নিৰ্বিঘ্নে চলাই গৈছে মানব সৰবৰাহৰ বেহা।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: