অসম

ৰাজ্যত মুকলি হ’ল Go Baby Go সেৱা

ডিমাকুছিৰ দুই যুৱকৰ একান্ত প্ৰচেষ্টাত এতিয়াৰে পৰা যাত্ৰাপথত যাত্ৰীয়ে গাড়ীৰ বাবে ভূগিব নালাগে দুৰ্ভোগ

সংবাদদাতা, টংলা:- গুৱাহাটী মহানগৰীৰ যাত্ৰাপথৰ যাত্ৰী সকলৰ মাজত জনপ্ৰিয় ওলা, উৱেৰ সেৱাৰ আৰ্হিত এতিয়া ৰাজ্যৰ গাঁৱে-ভূঞে, চহৰে-নগৰে, অলিয়ে-গলিয়ে উপলদ্ধ হ’ল Go Baby Go নামৰ এক যান-বাহন সেৱা। এই এপৰ জৰিয়তে যাত্ৰাপথত বাহনৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা যাত্ৰীসকলে চাৰিচুকীয়া বাহন, ই-ৰিক্সা, বাইক, অটো বুক কৰি ২৪ ঘণ্টাই এই সেৱা উপভোগ কৰিব পাৰিব। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দুই যুৱক আকাশ আলী আৰু ইনচান আলিৰ একান্ত প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোকেই এই সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। নিশা যাত্ৰাপথত বাহনৰ বাবে দুৰ্ভোগ ভোগা লোকসকলে এতিয়াৰ পৰা কোনো অসুবিধা নোহোৱাকৈ Go Baby Go এপৰ দ্বাৰা গন্তব্য স্থানত উপস্থিত হ’বলৈ সক্ষম হ’ব। দেওবাৰে ডিমাকুছিৰ বাদলাপাৰাত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত Go Baby Go এপটো অসমত আনুস্থানিকভাৱে মুকলি কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য সঞ্জিত তান্তীয়ে। এপতো মুকলি কৰি সঞ্জিত তান্তীয়ে ৰাজ্যৰ প্ৰতিজন লোকেই ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে। গুৱাহাটী মহানগৰীত উপলব্ধ ওলা, ওৱেৰৰ দৰে সেৱা ৰাজ্যৰ প্ৰতিতো প্ৰান্তৰ লোকেই অভাৱ অনুভৱ কৰি আহিছিল বুলি উল্লেখ কৰি তেওঁ Go Baby Go সেৱাই সেই অভাৱ নাইকিয়া কৰিলে বুলি কয়। অসমৰ সকলো লোককে মোবাইলৰ প্লে’-ষ্টোৰত গৈ Go Baby Go এপ ডাউনলোড কৰি ২৪ ঘণ্টাই এই সেৱা উপভোগ কৰিবলৈ আহ্বান জনাইছে আকাশ আলি আৰু ইনচান আলীয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: