অসম

ৰাজ্যৰ গাঁৱে-ভূঞে অবৈধ বিদ্যুত সংযোগ

সংবাদদাতা, পুৰণিগুদাম:- গাঁও জিলাৰ চামগুৰি ৰাজহ চক্রৰ অন্তর্গত চলচলি মৌজাত থকা মিকিৰ বামুণী গ্রাণ্টত মুঠ ২৭৬ বিঘা ভূমি ব্রিটিছ আমোলত জমিদাৰৰ অধীনত আছিল৷ তাতেই ৰায়ত হিচাপে কৃষিকার্য কৰি আহিছিল স্থানীয় কার্বি আৰু চাহ জনগোষ্ঠীয় কৃষকসকলে৷ এই ৰায়তী ভূমি ভোগ দখল কৰি অহা লোকসকলক ভূমিৰ অধিকাৰ প্রদানৰ বাবে ‘দ্য আছাম (টেম্প’ৰেৰিলী চেটল্ড এৰিয়াজ) টিনান্সী এক্ট, ১৯৭১’ গৃহীত হয়৷ এই আইন অনুসৰি ৰায়তী ভূমিত ১০ বছৰ কৃষিকার্য কৰি অহা কৃষকে খতিয়ান লাভ কৰে৷

পৰৱর্তী সময়ত উপায়ুক্তৰ ওচৰত আবেদন কৰি নির্দিষ্ট পৰিমাণৰ খাজনা দি নিজৰ নামত এই ভূমি নামজাৰিও কৰিব পাৰে৷ এই ভূমিৰ বেচা–কিনা কৰাত নিষেধাজ্ঞা আছে৷ মিকিৰ বামুণী গাঁৱত প্রজন্মৰ পাছত প্রজন্ম ধৰি কৃষিকার্য কৰি অহা জনজাতীয়–জনগোষ্ঠী কৃষকসকলৰো খতিয়ান আছে৷ কিন্তু এই কৃষিভূমি দিল্লীৰ কোম্পানীক হস্তান্তৰ কৰিবলৈ ২০১৯ চনৰ পৰাই গোপনে আৰম্ভ হয় ষড়যন্ত্র৷ এই সময়ছোৱাতে সংঘটিত হ’ল ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ ভূমি কেলেংকাৰিটো৷ ৰাজ্যৰ কৃষি বিভাগে লিখিতভাৱে উপায়ুক্তৰ কার্যালয়ক জনায় যে মিকিৰ বামুণী গ্রাণ্টৰ উক্ত ভূমিত বিগত ১০ বছৰ ধৰি কোনো কৃষিকার্য হোৱা নাই৷ উক্ত ভূমি লাভজনক কৃষিৰ বাবে উপযুক্ত নহয়৷

এয়া আছিল এক গোকাট মিথ্যাচাৰ৷ কিয়নো মিকিৰ বামুণী গ্রাণ্টত বিগত ১০ বছৰ নহয়, ১০০ বছৰ ধৰি কৃষিকার্য কৰি জীৱন নির্বাহ কৰি আহিছে স্থানীয় জনজাতীয় আৰু জনগোষ্ঠীয় কৃষকসকলে৷ এনে চেপা উত্তেজনাৰ মাজতে যোৱা ২৯ ডিচেম্বৰত কোম্পানীৰ মাটিত অনধিকাৰ প্রৱেশৰ অভিযোগ তুলি খেতিপথাৰতে কৃষকৰ ওপৰত নৃশংস অত্যাচাৰ আৰম্ভ কৰে৷ সেই সময়ত পথাৰত কাম কৰি আছিল কেইবাগৰাকীও মহিলাই৷ তাৰ পাছতেই আৰম্ভ হয় মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী ক্ষতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি ‘আজুৰ’ নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানে এটা সৌৰ প্ৰকল্প স্থাপনৰ কাম।

বহু প্ৰতিবাদক আওকাণ কৰি আৰম্ভ কৰা প্ৰকল্পৰ কামত শক্তিমন্ত্ৰী বিমল বৰাই দায়িত্বভাৰ লৈয়ে বিদ্যুৎ বিভাগৰ কেতবোৰ সংস্কাৰ সাধন কৰাৰ সময়তে নগাঁও জিলাৰ বঢ়মপুৰৰ বিবাদমান প্ৰকল্পত পোহৰলৈ আহিছে চ’লাৰ পাৱাৰ কোম্পানীৰ অবৈধ বিদ্যুৎ সংযোগৰ কাৰচাজি। শেহতীয়াকৈ চৰকাৰৰ আশীৰ্বাদপুষ্ট “আজুৰ” নামৰ এটা চ’লাৰ পাৱাৰ কোম্পানীটোয়ে দীৰ্ঘদিন ধৰি বিদ্যুৎ চুৰি কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ দল-সংগঠনৰ লগতে স্থানীয় ৰাইজেও।

স্থানীয় ৰাইজে কিছুদিন পূৰ্বেই বিষয়টো জানিব পাৰি বিদ্যুৎ বিভাগক অৱগত কৰাত চামগুৰি স্থিত বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ পৰা অহা এটা দলেঅবৈধভাৱে বিদ্যুৎ সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ জব্দ কৰে। আনহাতে এই বিদ্যুৎ চুৰি কাৰ্যৰ বিৰুদ্ধে নগাঁও সংমণ্ডলৰ মহা প্ৰবন্ধটক গৰাকীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় স্থানীয় বিভিন্ন দল সংগঠনে। ইয়াকেলৈ স্থানীয় একাংশ দল-সংগঠনে যৌথভাৱে শীঘ্ৰে তদন্ত কৰি বিদ্যুৎ চুৰিৰ লগত জড়িত আজুৰ কোম্পানীৰ কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে, বঢ়মপুৰ সমষ্টি তথা চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা কৃষক ৰাইজক চৰকাৰ-প্ৰশাসনে বীৰত্ব দেখুৱাই উচ্ছেদ কৰি এটা বিশাল চ’লাৰ পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰা কাৰ্যৰ বিৰোধিতাৰে ২৬ জানুৱাৰী পৰা আৰম্ভ হৈছিল কৃষক বিক্ষোভ। লক্ষণীয়ভাৱে ৰাইজৰ তীব্ৰ প্ৰতিবাদকো অঙ্গুষ্ঠ কৰি অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ.পি.ডি.চি.এল.ৰ জৰিয়তে “আজুৰ”কোম্পানীয়ে বঢ়মপুৰৰ হায়ংথলৰ মিকিৰ-বামুনী গ্ৰান্টত সৌৰশক্তিৰে বিদ্যুৎ উৎপাদন এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে।

কৃষক সকলক বলপূৰ্বকভাৱে উচ্ছেদ কৰি মাটি বহিৰাগত বণিক গোষ্ঠীক গটাই দিয়াৰ প্ৰতিবাদত গণৰাজ্য দিৱসৰ দিনাৰে পৰা বঢ়মপুৰ বামুণীৰ মিকিৰ-বামুনী গ্ৰান্টত আৰম্ভ হোৱা কৃষক বিক্ষোভে ইতিমধ্যেই ৭ মাহত ভৰি দিলে। নিজৰ মাটিৰ ৰায়তী খতিয়ান ঘূৰাই দিয়াৰ দাবীত কোলাত কণকণ শিশু লৈ মহিলাৰ পৰা বৃদ্ধ লৈকে অংশগ্ৰহণ কৰিছিল এই কৃষক বিক্ষোভত। কিন্তু অতি উদ্বেগজনক ভাৱে এইসকল দুৰ্ভগীয়া কৃষকৰ পক্ষত আজি পৰ্যন্ত চৰকাৰ অথবা প্ৰশাসনৰ কোনো এজন ব্যক্তি উপস্থিত নহ’ল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: