অসম

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

সংবাদদাতা, ধূলা:- অসম মিজোৰাম সীমান্ততত অসম আৰক্ষী আৰু মিজো আৰক্ষীৰ যুদ্ধত অসম পুলিচৰ ছয়জন জোৱান আৰু এজন সাধাৰণ লোক শ্বহীদ হোৱা কাৰ্য্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অসমতে। তাৰে প্ৰতিবাদত আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ দৰং জিলা সমিতিয়ে ধূলা থানাৰ

অন্তৰ্গত খাৰুপেটীয়া কলেজ ৰোড তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতত মিজোৰাম মুখোমন্ত্ৰী জোৰামথাংগাৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদস্থলীত মিজো চৰকাৰ হাই হাই, মিজো পুলিচ হাই হাই, জোৰামথাংগা মূর্দাবাদ, মিজোৰ ভূমি আগ্ৰাসন নছলিব, অসম পুলিচ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পাতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে।

প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকে নেমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিয়াউল হক, দৰং নেমছুৰ সভাপতি চাবিনোৰ আলি, সাধাৰণ সম্পাদক ছহিদূৰ ইছলামকে আদি কৰি প্ৰায় অৰ্ধশতাধিক নেমছুৰ কর্মকর্তা। আনহাতে মিজো কাণ্ডক তীব্ৰভাষাৰে গৰিহণা দিয়ে দৰং নেমছুয়ে। উক্ত কাণ্ডত প্ৰাণ আহুতি দিয়া প্ৰতিজন অসম শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দৰং নেমছুৱে।

মিজো চৰকাৰে যদি এনেধৰণৰ আগ্ৰাসন বন্ধ নকৰে তেতিয়া হলে মিজোৰ বিৰুদ্ধে আৰ্থিক পথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে নেমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে। ইয়াৰ উপৰিও প্ৰতি শ্বহীদৰ পৰিয়ালক পাঁচলাখৰ পৰিবৰ্তে বিশলাখ কৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ অসমক চৰকাৰক অনুৰোধ জনায় নেমছুয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: