অসম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো আন্তৰ্জাতিক যোগ দিৱস পালন

সংবাদদাতা, তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত সপ্তম আন্তৰ্জাতিক যোগ দিৱস উৎযাপন কৰা হয়। তামুলপুৰ সদৰস্থ বাক্সা জিলা যোগ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত যোগ মহাবিদ্যালয়ৰ নিজা প্ৰেক্ষাগৃহত আজি সম্পূৰ্ণ ক’ভিড প্ৰটোকলৰ মাজেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়।

অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বাক্সা জিলা যোগ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ গণেশ ৰাভাই। তাৰপিছতে যোগ-প্ৰাণায়ামৰ কাৰ্যসূচী পৰিচালনা কৰে মহাবিদ্যালয়ৰ মুখ্য যোগাচাৰ্য গোবিন্দ শৰণীয়া আৰু ৰাজেশ্বৰ ৰাভাই। আজিৰ কাৰ্যসূচীৰ মাজতে ন-পুৰণি কেইবাজনো ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কিছুমান যোগাসন প্ৰদৰ্শন কৰা হয়।

তামুলপুৰ সামূহিক প্ৰক্ষাগৃহতো পুৱাৰ ভাগত ক্ৰীড়া ভাৰতীৰ উদ্যোগত আৰু গয়বাৰী মণ্ডল বিজেপিৰ উদ্যোগতো ক’ভিড প্ৰটোকলৰ মাজেৰে গয়বাৰী মণ্ডল বিজেপিৰ প্ৰক্ষাগৃহত যোগাচাৰ্য মনজিৎ চৰকাৰৰ পৰিচালনাৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। যোগ দিৱসৰ কাৰ্যসূচীত বিটিচিৰ মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভা, বাক্সা জিলা বিজেপিৰ উপ সভাপতি দ্বীপেন কলিতা,

বাক্সা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো, মহিলা মৰ্চাৰ সম্পাদিকা অৰ্চনা চৌধুৰীকে ধৰি বহুসংখ্যক কৰ্মকৰ্তাই উপস্থিত থাকি সহযোগ কৰে। ইফালে ভাৰত-ভূটান সীমান্তৰ দৰঙ্গা মেলা আৰু পাটকীজুলি ত ৬৪ নং সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত তামুলপুৰৰ বাৰেইগাৱত আয়ুষ্মান যোগ কেন্দ্ৰ, তামুলপুৰৰ উদ্যোগতো যোগাচাৰ্য ধ্ৰুৱজ্যোতি ডেকাৰ পৰিচালনাৰে  সপ্তম আন্তৰ্জাতিক যোগ দিৱস উৎযাপন কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: