অসম

ৰাভা ভাষাৰ বিশিষ্ট সাধু সম্ৰাট আৰু কাব্য সাহিত্যিক লক্ষীকান্ত ফেনান দেৱৰ স্মৃতিত স্মৰণিকা গ্ৰন্থ উন্মোচন

অপ্ৰকাশিত আৰু ইতিমধ্যে প্ৰকাশিত গ্ৰন্থৰ পুনৰ প্ৰকাশ কৰা হ'ব‌ : নিখিল ৰাভা সাহিত্য সভা

সংবাদদাতা, দুধনৈ : যোৱা ১৩ মে’ ২০২১ তাৰিখে ইহলীলা সম্বৰণ কৰা ৰাভা ভাষাৰ বিশিষ্ট সাধু সম্ৰাট তথা কাব্য সাহিত্যিক লক্ষীকান্ত ফেনানৰ আজি ২৯ মে’ তাৰিখে আয়োজিত আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ লগত সংগতি ৰাখি সম্পূৰ্ণ কো’ভিড প্ৰটকলৰ মাজেৰে গোৱাালপাৰা জিলাৰ দ্বাৰকা আঞ্চলিক ৰাভা সাহিত্য সভাৰ সভাপতি শ্ৰী জয় চন্দ্ৰ দাবাঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ আৰু স্মৰণিকা উন্মোচনী সভাত এখন স্মৰণিকা গ্ৰন্থ উন্মোচন কৰা হয়।

উক্ত স্মৰণিকাখন উন্মোচন কৰে নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক শ্ৰী ৰাজকুমাৰ ৰাভাই। উন্মোচনী ভাষণত মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভাই ফেনান দেবৰ মৃত্যুয়ে ৰাভা জাতি আৰু সাহিত্য জগতৰ অপূৰণীয় ক্ষতি কৰা বুলি কোৱাৰ লগতে ৰাভা জনগোষ্ঠীৰ সাহিত্য জগতৰ এগৰাকী নীৰৱ সাধক হেৰুৱালে বুলিও কয়৷ আনহাতে কণকণ ল’ৰা-ছোৱালী তথা ছাত্ৰ-ছাত্ৰীসকল অভিভাৱকহীন হ’ল বুলি মন্তব্য কৰে।

সভাৰ আৰম্ভণিতে ফেনান দেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়৷ নিখিল ৰাভা সাহিত্য সভাই তেখেতৰ আদৰ্শ, স্মৃতি আৰু কৰ্মৰাজি সজীৱ কৰি জীয়াই ৰাখিবলৈ তেখেতৰ অপ্ৰকাশিত আৰু ইতিমধ্যে প্ৰকাশিত ৰন্দনা-চন্দনা, জুজুবিদিনি ছাছতাৰ, শ্ৰীশ্রী মা বায়খো দেবী, বায়খো আৰ্দিকায় আৰো পালিকায়,

ৰাভা ৰাজা বীৰ পৰশুৰাম, পাথাৰ দিৰছান, বুবুৰেঙা আৰু কাৰানল, নীলগিৰি পৰ্বত উজাগৰণ, ওমৰ খায়াম , ৰাভা ভাষা উদ্ভৱ কথন ভংগীৰ মাধুৰ্য “বাৰায়হুৰি” আৰু সমূহ, জীৱজগত আৰু পাৰ্থিৱ সংসাৰৰ সাম্প্ৰতিক সমাজতত্ব আদি মূল্যবান গ্ৰন্থ সমূহৰ পুনৰ প্ৰকাশৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ৰাজকুমাৰ ৰাভাই ঘোষণা কৰে।

সভাত RHAC ৰ কাৰ্যবাহী সদস্য শ্ৰী হৰিশ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক শ্ৰী জয়চন্দ্ৰ দাবাং, ৰাভা সাহিত্য সভাৰ আলোচনী সম্পাদক শ্ৰী সন্দেশ বাকছাকা, ৰাভা সাহিত্য সভাৰ পাঠ্যপুথি প্ৰণয়ন উপ সমিতিৰ উপাধ্যক্ষ শ্ৰী তাৰক বাৰ্চুং, সাংগঠনিক সম্পাদক শ্ৰী কেশব চেৰেঙ্গা, কাৰ্যালয় সম্পাদক শ্ৰী দণ্ডে সিং ৰাভা আদি উপস্থিত থাকি তেখেতৰ কৰ্মৰাজিৰ ওপৰত মন্তব্য আগবঢ়ায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: